মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / পৰেশ বৰুৱালৈ পত্ৰ

পৰেশ বৰুৱালৈ পত্ৰ

অপহৃতক এৰিবলৈ মানৱ অধিকাৰ কাউঞ্চিলে দিলে পত্ৰ

গুৱাহাটী,২৯ জানুৱাৰী : বিগত ২২ডিচেম্বৰত সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) চমুকৈ আলফা স্বাধীনে অপহৰণ কৰি নিয়া কুইপ’ কোম্পানীৰ  বিষয়া দুজনৰ কোনো শুংসূত্ৰ ওলিয়াবলৈ আজি পৰ্যন্ত সক্ষম হোৱা নাই আৰক্ষী ৷ আনহাতে,কোম্পানীৰ ফালৰ পৰা কোনোধৰণৰ সঁহাৰি নোপোৱাৰ বাবে আলফা স্বাধীনে অপহৃত ৰাম কুমাৰৰ ক্ষেত্ৰত কোম্পানীৰ তৰফৰ পৰা যোগাযোগ অথবা সঁহাৰিৰ বাবে  অহা ১৫ ফেব্ৰুৱাৰী অন্তিম তথা চূড়ান্ত সীমা ধাৰ্য কৰি দিছে অন্যথা আলফা স্বাধীনে তেওঁক হত্যা কৰিব বুলিও এক বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে ৷

এই সকীয়নি প্ৰদানৰ পিছতো কোম্পানীয়ে সঁহাৰি নিদিয়াৰ বাবে অপহৃত অভিযন্তা প্ৰণব কুমাৰ গগৈ আৰু ৰেডিঅ’গ্ৰাফাৰ ৰাম কুমাৰৰ পৰিয়াল মানসিকভাৱে ভাঙি পৰিছে ৷ আলফা স্বাধীনৰ এই অমানৱীয় সকীয়নিক পুনৰবাৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউঞ্চিল নামৰ সংস্থাটোৱে ৷ উক্ত সংস্থাৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক কমলৰাজ ছেত্ৰীৰ দ্বাৰা স্বাক্ষৰিত এক পত্ৰত আলফা স্বাধীনৰ কামাণ্ডাৰ ইন চীফ পৰেশ বৰুৱাক উদ্দেশ্যি অপহৃত নিৰ্দোষী ব্যক্তি কেইজনক মুকলি কৰি দিবলৈ অনুৰোধ জনোৱা হয় ৷

তদুপৰি দুটা বৃহৎ শক্তিৰ মনোমালিন্যৰ বাবে এনেদৰে নিৰীহ ব্যক্তি দুজনক শাস্তি প্ৰদান কৰাটো সমীচিন নহয় বুলি উল্লেখ কৰি সংস্থাটোৱে  আলফা স্বাধীনক  অপহৃত ব্যক্তি দুজনক মুকলি কৰি দি পৰিয়ালক চমজাই দিয়াৰ ক্ষেত্ৰত  তেওঁলোকৰ সহযোগিতাৰ প্ৰয়োজন হ’লেও তেনে সহযোগিতা আগবঢ়াবলৈয়ো প্ৰস্তুত থকা বুলিও স্পষ্ট কৰি দিছে ৷ উল্লেখযোগ্য যে এই সংস্থাটোৱে  লকডাউনৰ সময়ছোৱাত ভাৰতৰ বিভিন্ন স্থানত আৱদ্ধ লোকক উদ্ধাৰ কৰি গন্তব্যস্থানত উপনীত হোৱাত সহায় কৰাৰ ওপৰিও দুৰ্গত,নিপীড়িত জনক সহায় আগবঢ়াই আহিছে ৷