বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মোডীৰ বিৰুদ্ধে একেলগে ৰাকেশ-নৰেশ

মোডীৰ বিৰুদ্ধে একেলগে ৰাকেশ-নৰেশ

ঐক্যবদ্ধ টিকায়েট ভাতৃয়ে লগলাগি যুঁজ দিব কৃষকৰ হকে

নতুন দিল্লী,২৯ জানুৱাৰী : দিল্লীৰ কৃষক বিদ্ৰোহে দুই কৃষক নেতা তথা ভাতৃদ্বয় ক্ৰমে নৰেশ টিকায়েট আৰু ৰাকেশ টিকায়েটৰ মাজত আগৰ পুৰণা তিক্ত সম্পৰ্ক মধুৰ কৰি তুলিছে ৷ মহেন্দ্ৰ সিং টিকায়েট হ’ল নৰেশ টিকায়েট আৰু ৰাকেশ টিকায়েটৰ পিতৃ ৷ কিষাণ মৰ্চাৰ মুখ্য মুখপাত্ৰ ৰাকেশ টিকায়েটে এক আৱেগিক ভাষণ দিয়াৰ পিছত যথেষ্ট সংখ্যক কৃষক তেওঁৰ সমৰ্থনত ওলাই আহিছে ৷ আনহাতে নৰেশ টিকায়েটে আজি মুজাফৰনগৰত আয়োজন কৰা কৃষক মহা পঞ্চায়ততো যথেষ্ট সংখ্যক কৃষকে যোগদান কৰিছে ৷

দুই টিকায়েট ভাতৃ আৰু ভাৰতীয় কিষাণ মৰ্চাৰ সমৰ্থনত হাজাৰ হাজাৰ প্ৰতিবাদী কৃষক ওলাই আহিল ৷ হৰ গোবিন্দ ত্যাগী নামৰ এজন কৃষকে কয় “ আমাৰ নেতাই যি কয় আমি তাকে কৰিম ৷ য’লৈ যাবলৈ  তালৈকে যাম ৷ আমাৰ প্ৰতিবাদক এনেদৰে নিঃশেষ হ’বলৈ নিদিওঁ ৷ ”আনহাতে ৰাকেশ টিকায়েটে কয় “মোৰ ভাতৃৰ প্ৰতি টোপাল চকুৰ পানীৰ মূল্য দিবলৈ আমি সাজু ৷ ”উল্লেখযোগ্য যে ২৬ জানুৱাৰীৰ দিনা দিল্লীত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বাবে বহুতেই দায়ী কৰিছে ৰাকেশ টিকায়েটক ৷