দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘গগৈ’ক লৈ ৰাজনীতি নকৰিব !

‘গগৈ’ক লৈ ৰাজনীতি নকৰিব !

বঢ়মপুৰত নিৰ্বাচন খেলাৰ মন ৰাজেন গোঁহাইৰ

নগাঁও, ৩০জানুৱাৰী : “গগৈক লৈ ৰাজনীতি নকৰিব। কেৱল গগৈয়ে অসমখন চলাই থকা নাই”- আজি নগাঁৱত এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইৰ। শেহতীয়া ভাৱে কংগ্ৰেছে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক একেলগ হ’বলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজেন গোঁহাইয়ে এই মন্তব্য প্ৰদান কৰে। উল্লেখযোগ্য আহোম সম্প্ৰদায়ৰ পৰা মোডী চৰকাৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আজি কংগ্ৰেছ – এ আই ইউ ডি এফ নেতৃত্বাধীন মহাজোঁট সন্দৰ্ভত কয়“ এ আই ইউ ডি এফক ৰোধ কৰিবৰ বাবেই বিজেপিক অসমৰ ৰাইজে শাসনত বহুৱাইছে। সেয়ে এইবাৰ অসমীয়া জাতিৰ বাবে বিপদজনক এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মহাজোঁটৰ পৰাজয় নিশ্চিত।  আনহাতে, অনাগত বিধানসভা নিৰ্বাচনত নগাঁও সদৰ সমষ্টিৰ লগতে বঢ়মপুৰ, চামগুৰি, বটদ্ৰৱা আৰু ৰহাত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰি গোঁহাইয়ে বঢ়মপুৰ মহন্তক এৰি নিদিবলৈ দলীয় নেতৃত্বক আহ্বান জনায়। গোঁহাইয়ে কয়“ বিগত নিৰ্বাচনত প্ৰফুল্ল মহন্ত যেনেতেনেহে জয়ী হৈছিল । সেয়ে এইবাৰ বঢ়মপুৰত বিজেপিয়ে প্ৰতিদ্বন্দ্ব্বিতা কৰিলে বিজয় নিশ্চিত। ৰাজেন গোঁহাইয়ে লগতে কয়, দলে প্ৰাৰ্থিত্ব দিলে বঢ়মপুৰত তেওঁ প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াবলৈ প্ৰস্তুত ৷