সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / টিকায়েটৰ ওচৰত নেতাৰ ভিৰ

টিকায়েটৰ ওচৰত নেতাৰ ভিৰ

সমৰ্থন আগবঢ়াবলৈ হেতাওপৰা

নতুন দিল্লী,৩০ জানুৱাৰী : ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকায়েটক সাক্ষাৎ কৰিবলৈ ঘাজীপুৰ সীমান্তত আজি বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ ভিৰ লাগিছেহি ৷ উল্লেখযোগ্য যে কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকায়েটে বিগত ২৭ জানুৱাৰীত এক আৱেগিক ভাষণেৰে কৈছিল যে সমগ্ৰ প্ৰতিবাদটোকে এচামে বিপথে পৰিচালনা কৰি আহিছে যি সমগ্ৰ বিষয়টোকে এক অন্ধকাৰৰ দিশে লৈ গৈছে ৷ উক্ত ভাষণৰ পিছতে কেইবা হাজাৰ কৃষকে আহি সংগ দিছিল টিকায়েটক ৷ ইয়াৰ পিছতে আজি বিভিন্ন দলৰ ৰাজনৈতিক নেতাই টিকায়েটৰ ওচৰলৈ গৈ তেওঁক সাক্ষাৎ কৰি তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন  আগবঢ়াইছে ৷