দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Economy  / নিষিদ্ধ হ’ব কৃত্ৰিম মুদ্ৰা !

নিষিদ্ধ হ’ব কৃত্ৰিম মুদ্ৰা !

ভাৰত চৰকাৰে শীঘ্ৰেই ক্ৰীপ্ত বা কৃত্ৰিম মুদ্ৰা নিষিদ্ধ কৰিবলৈ আইন প্ৰণয়ন কৰিব

নতুন দিল্লী,৩০ জানুৱাৰী : বিগত বছৰসমূহত বিভিন্ন  ডিজিটেল বা কৃত্ৰিম মুদ্ৰা সমগ্ৰ বিশ্বজুৰি বহুল পৰিমাণে জনপ্ৰিয় হৈ পৰিছে ৷ ব্লকচেইন প্ৰযুক্তিৰ দ্বাৰা বিভিন্ন প্ৰতিষ্ঠানে বিটকইন আদিকে ধৰি নানা ক্ৰীপ্ত বা ডিজিটেল মুদ্ৰাৰ সৃষ্টি কৰাত সাধাৰণ জনতাই এনে কত্ৰিম মুদ্ৰা সমূহত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছিল ৷ বিটকইন তথা আন ক্ৰীপ্ত মুদ্ৰাসমূহৰ মূল্য বিগত তিনিবছৰত কেইবা শতাংশ বৃদ্ধি হোৱাত বিনিয়োগকাৰীসকল যথেষ্ট লাভান্বিত হৈছিল ৷ কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটোত বিভিন্ন বিসংগতি লক্ষ্য কৰি ২০১৮ চনতে ভাৰত চৰকাৰে ক্ৰীপ্ত মুদ্ৰাত বিনিয়োগ কৰা নিষিদ্ধ কৰিছিল ৷ তৎস্বত্বেও বিভিন্ন প্ৰতিষ্ঠানে ব্যৱসায় সম্প্ৰসাৰণ তথা সুবিধাৰ বাবে নিজস্ব ক্ৰীপ্ত মুদ্ৰাৰ প্ৰচলন কৰিছিল ৷ কিন্তু এতিয়া ভাৰত চৰকাৰ এই ক্ষেত্ৰত অধিক কঠিন হোৱাৰ ইংগিত দিছে ৷ কোনো ধৰণৰ ক্ৰীপ্ত বা ডিজিটেল বা কৃত্ৰিম মুদ্ৰাৰ লেনদেন সম্পূৰ্ণৰূপে ভাৰত চৰকাৰে নিষিদ্ধ কৰাৰ পথত আগবাঢ়িছে ৷ চলিত বাজেট অধিবেশনত এই সম্পৰ্কে আইন প্ৰণয়ন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ আনহাতে, ৰিজাৰ্ভ বেংকে সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে নিজস্ব ক্ৰীপ্ত বা কৃত্ৰিম মুদ্ৰা প্ৰৱৰ্তন কৰি কেৱল মাত্ৰ এই ক্ৰীপ্ত মুদ্ৰাকহে আইনী স্বীকৃতি প্ৰদান কৰাৰ গুণাগঁথা কৰিছে ৷