বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিস্ফোৰণৰ তদন্ত কৰিব নিয়াই

বিস্ফোৰণৰ তদন্ত কৰিব নিয়াই

গৃহ দপ্তৰ দোমোজাত

নতুন দিল্লী,৩০ জানুৱাৰী : কালি নতুন দিল্লীত অৱস্থিত ইজৰাইল দূতাবাসৰ সন্মুখত  সংঘটিত বোমা বিস্ফোৰণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ নিৰাপত্তাৰ ক্ষেত্ৰত অত্যন্ত সংবেদনশীল এই অঞ্চলত বোমা বিস্ফোৰণ হোৱাটোৱে মূৰৰ কামূৰণিৰ সৃষ্টি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ ৷ ইতিমধ্যে দিল্লীৰ সেই অঞ্চলত নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে ৷ গুৰুত্বপূৰ্ণ বিষয় এয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অনুষ্ঠান আছিল প্ৰায় ৪০০ মিটাৰ আঁতৰত ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ঘটনা সংঘটিত হোৱা অঞ্চলটো পুংখানুপুংখভাৱে পৰীক্ষা কৰিছে ৷ আজি সন্ধিয়াৰ ভিতৰত নিয়াই এই গোচৰ পঞ্জীয়ন কৰিব বুলি জানিব পৰা গৈছে ৷