বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / মমতাৰ আৰু পাঁচ জন গ’ল

মমতাৰ আৰু পাঁচ জন গ’ল

মুখ্য কাৰ্যালয়ত যোগদান কৰিব বৈশালী,ৰাজীৱে

কলকাতা,৩০ জানুৱাৰী : আজি পশ্চিমবংগৰ পৰা পাঁচজন তৃণমূল কংগ্ৰেছৰ নেতা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ নতুন দিল্লীত উপস্থিত হৈছিগৈ ৷ উল্লেখযোগ্য যে গৃহমন্ত্ৰী অমিত শ্বাহ ৰাজ্যখন ভ্ৰমণলৈ অহাৰ কথা আছিল আৰু সেই সময়তে এই নেতা কেইজনে দলটোত যোগদান কৰাৰ কথা আছিল যদিও দিল্লীত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিৰ বাবে তেওঁলোকক দলটোৰ মুখ্য কাৰ্যালয়ত যোগদানৰ পৰামৰ্শ আগবঢ়োৱা হয় ৷ সদ্য দলত্যাগী প্ৰাক্তন বনমন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে কয় “ গৃহমন্ত্ৰী অমিত শ্বাহে দলৰ পতাকাখন মোক হাতে হাতে দিবলৈ এই ছাৰ্টাড প্লেন খন পঠিয়াইছে ৷ “আনহাতে,বালিৰ বিধায়ক বৈশালী ডালমিয়া,উত্তৰপাৰাৰ বিধায়ক প্ৰবীৰ ঘোষাল,হাওৰাৰ মেয়ৰ ৰথীন চক্ৰবৰ্তী,ৰাণাঘাটৰ প্ৰাক্তন বিধায়ক পাৰ্থ সাৰথি চেতাৰ্জীও বিজেপি দলত যোগদানৰ উদ্দেশ্যে দিল্লীত উপস্থিত হৈছে৷কাইলৈ হাওৰাত বিজেপিৰ এখন বৃহৎ সমাৰোহ অনুষ্ঠিত হ’ব আৰু গৃহমন্ত্ৰী অমিত শ্বাহে তাত ভাৰ্চুৱেলি অংশ ল’ব ৷