শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / শংকৰৰ গুণ গৰিমাত মুখৰিত নগাঁও

শংকৰৰ গুণ গৰিমাত মুখৰিত নগাঁও

গুৰুজনাৰ আদৰ্শক স্মৰণ কৰিলে সকলোৱে

নগাঁও,৩০ জানুৱাৰী : মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত প্ৰথমবাৰৰ বাবে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত অনুষ্ঠিত হোৱা  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আজি দ্বিতীয়টো দিন। ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱৰ  আজি বটদ্ৰৱা থান আৰু ইয়াৰ দাঁতিকাষৰীয়া নৰোৱা কুঁজিসত্ৰ, নৰোৱা বালিসত্ৰ, ভেটিয়নী নাতি আতা সত্ৰ, ন-সত্ৰ,আউনিআটি সত্ৰকে প্ৰমুখ্য কৰি সাত খন ঐতিহ্যমণ্ডিত সত্ৰত একেলগে আৰম্ভ হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ সত্ৰকৃষ্টিৰ বৈভৱময় তথা বৰ্ণিল কাৰ্যসূচী। পুৱাৰ ভাগত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে ধৰ্মধ্বজা উত্তোলন আৰু শ্ৰীশ্ৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই বন্তি প্ৰজ্বলন কৰে। ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পী, সাহিত্যিক, কবি, চিত্ৰশিল্পী, গৱেষক সকলৰ লগতে উপস্থিত হয় ভকত বৈষ্ণৱৰ লগতে তীৰ্থযাত্ৰী সকল।

হাজাৰ হাজাৰ লোকৰ সমাৱেশেৰে লোকে লোকাৰণ্য হৈ এক উখল মাখল পৰিৱেশ সৃষ্টি হয়।কৃষ্ণ ভক্তিৰ নান্দনিক পৰিৱেশ্য কলাই মন্ত্ৰমুগ্ধ কৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজক। থলুৱা শিল্পকলাৰ প্ৰদৰ্শনী আৰু গ্ৰন্থৰ বিপনী সমূহেও আকৃষ্ট কৰে গুৰুজনাৰ অনুগামী ভক্তসকলক। আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত বৰগীত, ভোৰতাল, দিহানাম, সত্রীয়া নৃত্য, ভাওনা, অস্থায়ী নামঘৰত  ভাগৱত পাঠৰ অনুষ্ঠান  আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। মাধৱ সাংস্কৃতিক ন্যাসৰ হৈ সাংস্কৃতিক প্ৰমুখ ৰাজীৱ বৰঠাকুৰে আঁতধৰা অনুষ্ঠানত উত্তৰ কাছাৰ জিলা, কৰিমগঞ্জ,প্ৰসেনজিৎ ৰায়চৌধুৰী, শিলচৰ সংস্কাৰ ভাৰতী পূৰ্বোত্তৰৰ সাধাৰণ সম্পাদক, সহ ক্ষেত্ৰ প্ৰমুখ অৰুণাচল, সুখদেৱ বিশ্বাস, সাংগঠনিক সম্পাদক নিমিয়া গামে, অৰুণাচল, দিপেন মজুমদাৰ, অভিনেতা শিল্পী  নয়ন নিৰ্বান বৰুৱা, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চিত্ৰশিল্পী ড° সুজিত দাস, চিত্ৰশিল্পী টিকেন্দ্ৰজিৎ শইকীয়া, ধনপদ গৰাক, লক্ষ্মী নাৰায়ণ ভালা, সত্ৰাধিকাৰ ৰিজু পাঠক, কমল শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।

আনহাতে গংগাৰ পাৰৰ অস্থায়ী মঞ্চত কবি  সন্মিলনত দুই শতাধিক কবিৰ শঙ্কৰদেৱৰ জীৱন দৰ্শন বিষয়ক কবিতা পাঠেৰে জীপাল হৈ উঠে। দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক  শিল্পীয়ে কেনভাছত শংকৰী চিত্ৰ শিল্প অংকন কৰাৰ লগতে বিভিন্ন কাৰ্য্যসূচীৰে জীপাল হৈ পৰে শংকৰদেৱ মহোৎসৱ। মহোৎসৱৰ সাংস্কৃতিক বৰ্ণিল পৰিক্ৰমাত  উত্তৰ কাছাৰ, কৰিমগঞ্জ, শিৱসাগৰ, যোৰহাট, ধেমাজি, শোণিতপুৰ, কোকৰাঝাৰ, মণিপুৰ, ত্ৰিপুৰা, বড়ো, কাৰ্বি, তিৱা জনগোষ্ঠীয় শিল্পীৰ অংশগ্ৰহণ মনকৰিবলগীয়া দিশ আছিল। পৰিৱেশ সুৰক্ষাৰ সজাগতাৰ বাবে পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত  শংকৰদেৱ মহোৎসৱত ৰাইজক প্লাষ্টিকৰ পৰিবৰ্তে মাটিৰ পাত্র আৰু কলপাতত ভোজনৰ ব্যৱস্থা কৰাতো সচাঁকৈ প্ৰসংশনীয় পদক্ষেপ ৷