বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / সফলতাৰ শীৰ্ষত অৰবিন্দ ফুকন

সফলতাৰ শীৰ্ষত অৰবিন্দ ফুকন

অসম সন্তান ড° অৰবিন্দ ফুকনলৈ সন্মানীয় প্ৰবাসী ভাৰতীয় সন্মান

গুৱাহাটী,৩০জানুৱাৰী : অসম সন্তান তথা বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী ড° অৰবিন্দ ফুকনক ২০২১চনৰ সন্মানীয় প্ৰবাসী ভাৰতীয় সন্মান প্ৰদান কৰা হৈছে ৷ উল্লেখযোগ্য যে কেইবছৰমানৰ আগত ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে প্ৰবাসী ভাৰতীয়সকলৰ নিজৰ জন্মভুমি তথা বিদেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা উৎকৃষ্ট পাৰদৰ্শিতাৰ বাবে এই সন্মান প্ৰদান কৰি আহিছে ৷ ড° অৰবিন্দ ফুকনৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ দ্বাৰা সৃষ্ট গৰাখহনীয়া তথা বানপানীৰ বিষয়ে কৰা গৱেষণা দেশ বিদেশত উচ্চ প্ৰশংসিত হৈছে ৷ লণ্ডনৰ প্ৰখ্যাত ইম্পেৰিয়েল কলেজৰ পৰা জিঅ’’টেকনিকেল প্ৰযুক্তিত উচ্চশিক্ষা লাভ কৰা ড° ফুকনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা বিশ্ববিদ্যালয়ত অধ্যাপনাও কৰিছিল ৷ পাছত আমেৰিকাত তেওঁ নিজৰ এটা কাৰিকৰী প্ৰতিষ্ঠান স্থাপন কৰে যাৰ নাম  ‘ফুকন এণ্ড ক ’ ৷

২০১৯ চনৰ প্ৰথমভাগত ড° ফুকনে ‘অসমৰ পৰা আলাস্কালৈ মোৰ সপোনৰ যাত্ৰা’ নামৰ এক আত্মজীৱনী প্ৰকাশ কৰে ৷ এই আত্মজীৱনীখন যথেষ্ট সমাদৃত হৈছে ৷ সুদূৰ আমেৰিকাত থাকিও ড° ফুকনে চীনৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থলত বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ ফলত উত্তৰ পূব ভাৰতত হ’ব পৰা সম্ভাব্য গুৰুতৰ ভাবুকিৰ বিষয়ে দেশ-বিদেশত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে ৷ ব্ৰহ্মপুত্ৰৰ ওপৰিও বিশ্বৰ বিভিন্ন দেশত উদ্যোগীকৰণ তথা জনবসতিৰ বিস্তাৰৰ বাবে নদী সমূহৰ ওপৰত পৰা বিভিন্ন ধৰণৰ বিৰূপ প্ৰভাবৰ বিষয়ে অত্যন্ত উচ্চ মানদণ্ডৰ গৱেষণা কৰি সমাদৃত হৈছে ৷ পৰিবেশ কৰ্মী হিচাপে বিশ্বৰ বিভিন্ন দেশত তেওঁৰ কৰ্মৰাজি স্বীকৃত হৈছে ৷ ড° ফুকনৰ সুস্বাস্থ্য নিউজফাইল পৰিয়ালৰ তৰফৰ পৰা কামনা কৰা হ’ল ৷