মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / সৰ্বত্ৰ মাথোঁ প্ৰতিবাদ

সৰ্বত্ৰ মাথোঁ প্ৰতিবাদ

মিকিৰ বামুণীতো প্ৰতিবাদী

নগাঁও: ৩০ জানুৱাৰী : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত আৰু চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলক উচ্ছেদ কৰি আজুৰ নামৰ এটা বহুজাতিক প্ৰতিষ্ঠানক সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ  অনুমতি প্ৰদান কৰাৰ প্ৰতিবাদত  কৃষক সকলে আজি পাঁচ দিন ধৰি অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি আছে। ৫দিন অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ পিছতো চৰকাৰ- প্ৰশাসনে কোনো ধৰণৰ খবৰ নোলোৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলৰ লগতে বহু কেইটা দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ৰাজনৈতিক পৃষ্ঠপোষকতাত নগাঁও জিলা প্ৰশাসন, চামগুৰি ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়, কৃষি বিভাগ, বন বিভাগ আদিয়ে মিকিৰ বামুণী গ্ৰান্টত প্ৰায় ১০ বছৰ ধৰি কৃষকে খেতি কৰা নাই আৰু হাতী কৰিডৰ নহয় বুলি প্ৰতিবেদন দি ৰায়তি কৃষক সকলক উচ্ছেদৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল।

তদুপৰি যুগ যুগ ধৰি কৃষি কৰ্মৰ জৰিয়তে জীবিকা নিৰ্বাহ কৰা কৃষক সকলৰ কৃষি ভূমি উচ্ছেদ কৰি আজুৰ নামৰ বহু জাতিক কোম্পানীটোক গটাই দিয়াৰ লগতে ইয়াৰ প্ৰতিবাদ কৰা কৃষক মহিলা‌ সকলৰ ওপৰত জিলা প্ৰশাসনৰ নিৰ্দেশত আৰক্ষীয়ে বৰ্বৰ ভাৱে অত্যাচাৰ চলাইছিল। আনকি আৰক্ষীৰ নিৰ্যাতনৰ পৰা গৰ্ভৱতী মহিলাও সাৰি যাব পৰা নাছিল। দমন নীতিৰে চৰকাৰে মিকিৰ বামুণী গ্ৰান্টৰ কৃষক সকলৰ আন্দোলন মষিমূৰ কৰিব বিচৰাৰ লগতে খিলঞ্জীয়া এই লোকসকলৰ কৃষি ভূমি উচ্ছেদ কৰি বৰ্তমানৰ চৰকাৰখনে খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে। চৰকাৰে এই কৃষক সকলৰ প্ৰাপ্য অধিকাৰ কাঢ়ি নি তেওঁলোকৰ কৃষি ভূমি বহু জাতি কোম্পানীক গতাই দিয়াৰ প্ৰতিবাদত দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনা অৰ্থাৎ ২৬ জানুৱাৰীৰ পৰা ১০ বজাৰ পৰা আজি লৈকে অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। দিনে নিশাই পুৰুষ মহিলা সমন্বিতে কৃষক সকলে এই বিক্ষোভ কাৰ্যসূচী অব্যাহত ৰাখিছে।

কোলাত কণ কণ শিশুক লৈ মহিলা সকলে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। কৃষক সকলৰ দাবী তেওঁলোকৰ ভূমি চৰকাৰে ঘূৰাই দিব লাগিব। উচ্ছেদিত ভূমি কৃষক সকলক ঘূৰাই নিদিয়া পৰ্যন্ত আন্দোলন অব্যাহত থাকিব । আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ শ্বহীদ দিৱসৰ দিনটোত কৃষক সকলে জাতিৰ পিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত দিল্লীত চলি থকা কৃষক আন্দোলনৰ প্ৰতিও সমৰ্থন জনায়। ইপিনে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মনোজ সিংহ ৰাজা, সাংবাদিক চন্দনজ্যোতি বৰা সহ এটা প্ৰতিনিধি দলে মিকিৰ বামুণী গ্ৰান্টত চলি থকা বিক্ষোভস্থলীত উপস্থিত হৈ বিক্ষোভকাৰী সকলৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি দলটোত নগাঁও জিলা সমিতিৰ নেতা ৰাজশেখৰ কলিতা,ৰূপম বৰা,অনুৰম বৰাৰ লগতে সাংবাদিক ৰকিবুল ৱাহিদো আছিল।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা মনোজ সিংহ ৰাজাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক কঠোৰ সমালোচনা কৰি কয়“ জাতি, মাটি, ভেটি শ্ল’গানেৰে ক্ষমতা দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে এতিয়া খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে। কৃষকৰ ভূমি উচ্ছেদ কৰি পুঁজিপতিক ৰঙা দলিচা পাৰি দিছে। সোণোৱাল চৰকাৰ এখন খিলঞ্জীয়া বিৰোধী চৰকাৰ।” এই চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ সকলোকে তেওঁ আহ্বান জনায়। কৃষক বিক্ষোভকাৰী সকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে দিল্লী আৰু লাইকা- দধিয়াৰ দৰে মিকিৰ বামুণী গ্ৰান্টতো ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব। মিকিৰ বামুণী গ্ৰান্টৰ এই কৃষক সকলৰ বিক্ষোভ কাৰ্যসূচীৰ প্ৰতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, নিখিল ভাৰত কৃষক সভা, চি পি আই, চি পি আই (এম এল), অসম জাতীয়তাবাদী যুৱ পৰিষদ আদি বিভিন্ন দল-সংগঠনে সমৰ্থন আগবঢ়োৱাৰ লগতে কৃষকৰ উচ্ছেদিত ভূমি তৎকালীন ভাৱে কৃষকক ঘূৰাই দিবলৈ দাবী জনাইছে।