বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ

ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ

আইন শৃংখলাজনিত পৰিস্থিতিৰ আশংকাত এই সিন্ধান্ত

নতুন দিল্লী,৩০ জানুৱাৰী : গাজিয়াবাদৰ ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে ৷ সীমান্তত প্ৰতিবাদী কৃষকৰ সঘনাই অহাযোৱা  বৃদ্ধি পোৱাৰ বাবে সাম্ভাৱ্য যিকোনো আইন শৃংখলাজনিত পৰিস্থিতিৰ আশংকা কৰি এই সিন্ধান্ত গ্ৰহণ কৰিছে দিল্লী আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে ৯ আৰু ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথ কালিৰ দিনটোত খুলি দিয়া হৈছিল যদিও আজিৰ দিনটোৰ পৰিবেশলৈ চাই পুনৰ বন্ধ কৰি দিয়া হৈছে ৷ ইতিমধ্যে ৰেপিড একচন ফৰ্চৰ চাৰিটা অতিৰিক্ত কোম্পানী সেই অঞ্চলত নিয়োগ কৰা হৈছে ৷