শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / আঁচনি দি ‘নাচনী’ হোৱা মন্ত্ৰীৰ বিভাগেই তথৈবচ

আঁচনি দি ‘নাচনী’ হোৱা মন্ত্ৰীৰ বিভাগেই তথৈবচ

আঁচনি দি

যোৰহাট,৩১জানুৱাৰী : ৰাজ্যৰ শিক্ষা বিভাগৰ পয়াঁলগা অৱস্থাৰ কথা ক’লে ওৰকে নপৰে । যি সময়ত প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে দেশৰ শিক্ষাখণ্ডত ব্যাপক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে ঠিক একেসময়তে যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত মহবন্ধাৰ গটঙাৰ নতুন চামগুৰি বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহটো দেখিলে  চকু কপালত উঠিবলগীয়া অৱস্থা । গৃহৰ নামত উৱঁলি যোৱা বাঁহৰ মাজে মাজে টিন বন্ধা বিদ্যালয় গৃহটি এজাক  বৰষুণতে একাঁঠু বোকা হোৱাৰ লগতে অলপ বতাহ মাৰিলে  মুধচৰ টিনপাত এৰুৱাই ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । স্থানীয় বাসিন্দাই অসম চৰকাৰৰ শিক্ষাবিভাগ আৰু বাগিচা কতৃপক্ষক বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো আজিলৈকে বিদ্যালয় গৃহটিৰ পুনৰ নিৰ্মাণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল ।

এই সংক্ৰান্তত স্থানীয় যুৱক তথা ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক প্ৰবীণ দাসে ক্ষোভ প্ৰকাশ কৰি কয়  ” নিৰ্বাচনৰ আগত হাজাৰ কোটিৰ আঁচনি ঘোষণা কৰা , অসমৰ খিলঞ্জীয়া মানুহক মাটি প্ৰদানৰ নামত অপ্ৰয়োজনীয় ভাৱে প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ কৰি কোটি কোটি টকা খৰচ কৰা , শিক্ষাখণ্ডত ব্যাপক পৰিৱৰ্তন হৈছে বুলি সততে দম্ভালি মৰা অসমৰ শিক্ষামন্ত্ৰী জনৰ দম্ভালিৰ পৰিৱৰ্তে এইখন অসমতে আজিও শিক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক আন্তঃগাথঁনিৰ নোহোৱাকৈয়ে বিদ্যালয় চলি আছে তাৰ জ্বলন্ত প্ৰমাণ হৈছে এই বিদ্যালয়খন।”

যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ ৰাজেন শৰ্মাই মন্তব্য এই সম্পৰ্কত কয়  ”  বিভাগীয় মন্ত্ৰীজনৰ ৰাজনৈতিক লাভৰ অংক আৰু নিৰ্বাচনী চমক সৃষ্টিৰ পৰিৱৰ্তে প্ৰকৃতাৰ্থত উন্নয়নৰ বাবে কাম কৰা হ’লে আজিৰ দিনতো এনে পৰিৱেশত কণ কণ শিশুসকলে শিক্ষাগ্ৰহণ কৰিব লগীয়া নহ’লহেঁতেন। আজিৰ দিনতো বিদ্যালয়ৰ এনে পৰিৱেশে মন্ত্ৰীজনৰ চূড়ান্ত বিফলতাকে প্ৰমাণ কৰে ৷ ”