মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আকালি দলে কথা দিলে কৃষকক

আকালি দলে কথা দিলে কৃষকক

সম্পূৰ্ণ সহযোগিতা আগবঢ়াব প্ৰতিবাদত

নতুন দিল্লী,৩১ জানুৱাৰী : শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে আজি দিল্লী – উত্তৰ প্ৰদেশ সীমান্তৰ ঘাজীপুৰ সীমান্তত উপস্থিত হৈ প্ৰতিবাদী কৃষকসকলক সাক্ষাৎ কৰে ৷ উল্লেখযোগ্য যে শিৰোমণি আকালি দল কেন্দ্ৰৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ অংশীদাৰ আছিল আৰু কৃষকৰ দাবীৰ প্ৰতি সমৰ্থন জনাই মৰ্চা ত্যাগ কৰিছিল ৷ বিগত ছেপ্তেম্বৰ মাহতেই দলটোৱে কৃষি আইনৰ বিৰোধিতা কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰীত্বৰ পদ ত্যাগ কৰিছিল ৷ আজি পাঞ্জাৱী গায়ক হৰ্ষ চীমা আৰু কৰবিন্দৰ গাড়োৱালেও প্ৰতিবাদী কৃষকক সাক্ষাৎ কৰে ৷ আজি কৃষকৰ প্ৰতিবাদে ৬৭ দিনত ভৰি দিলে ৷ কৃষকসকলে ‘জয় জোৱান,জয় কিষাণ’ ধ্বনিৰে কঁপাই ৰাখিছে সীমান্ত ৷ ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীত হোৱা ভয়ংকৰ পৰিস্থিতিৰ বাবে উক্ত অঞ্চলত ইণ্টাৰনেটৰ সকলোধৰণৰ যোগাযোগ কৰ্তন কৰা হৈছে ৷ আনহাতে,কৃষক নেতা ৰাকেশ টিকায়েটে কয় “আমাৰ গ্ৰেপ্তাৰ হোৱা ৮৪ গৰাকী কৃষকক সোনকালে মুক্ত কৰি দিয়ক আৰু ইয়াৰ পিছত আমি পুনৰ বৈঠকত বহিম ৷ আমাক কোনোধৰণৰ হেঁচাই সেও মনাব নোৱাৰে ৷ ”