বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / কুষ্ঠৰোগীক অৱহেলা নকৰিব !

কুষ্ঠৰোগীক অৱহেলা নকৰিব !

কুষ্ঠৰোগ

যোৰহাট,৩১জানুৱাৰী : আজি কুষ্ঠৰোগ নিবাৰণ দিৱস । যোৰহাট জিলাৰ স্বাস্থ্যকৰ্মী সকলে হাতে হাতে প্লেকাৰ্ড লৈ কুষ্ঠৰোগৰ সজাগতা সৃষ্টিৰ বাবে যোৰহাট নগৰৰ মাজেৰে এক সমদল বাহিৰ কৰে । কুষ্ঠৰোগীক সন্মান কৰক ,কুষ্ঠৰোগীক অৱহেলা নকৰি প্ৰাথমিক অৱস্থাতে এই ৰোগ চিনাক্ত কৰি এখন কুষ্ঠ ৰোগমুক্ত সমাজ গঢ়াৰ সংকল্প গ্ৰহণ কৰা আদি বাৰ্তা দি উলিওৱা এই সমদলত অংশগ্ৰহণ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅ’লজি বিভাগৰ কৰ্মী অংকুৰ বৰাই কয় “ কু্ষ্ঠ ৰোগীক আজিও বহু লোকে অস্পৃশ্য হিচাপে গণ্য কৰে , বহুতো লোকে ৰোগটোৰ বিষয়ে উপযুক্ত জ্ঞান নথকাৰ কাৰণে কুষ্ঠৰোগ হোৱা মানেই মৃত্যুৰ কাষ চপা বুলি ধাৰণা কৰে । মানুহৰ মনৰ পৰা কুষ্ঠৰোগ সন্দৰ্ভত থকা এই ভ্ৰান্ত ধাৰণাবোৰ দূৰ কৰাৰ কাৰণেই আজিৰ এই সজাগতামূলক সমদল উলিওৱা হৈছে ৷ ”