বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / গ্ৰাহকক হাৰাশাস্তি কৰা বেংকে পাব এসেকা !

গ্ৰাহকক হাৰাশাস্তি কৰা বেংকে পাব এসেকা !

নতুন দিল্লী,৩১ জানুৱাৰী : বেংকৰ গ্ৰাহকসকলে বিভিন্ন সমস্যাৰ সন্দৰ্ভত বেংক কৰ্তৃপক্ষৰ পৰা তাৎক্ষণিক তথা সঠিক সঁহাৰি নোপোৱাৰ অভিযোগ প্ৰায়ে শুনা যায় ৷ এনে দীৰ্ঘদিনীয়া সমস্যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে আগন্তুক দিনত কঠোৰ পদক্ষেপ ল’ব

নতুন দিল্লী,৩১ জানুৱাৰী : বেংকৰ গ্ৰাহকসকলে বিভিন্ন সমস্যাৰ সন্দৰ্ভত বেংক কৰ্তৃপক্ষৰ পৰা তাৎক্ষণিক তথা সঠিক সঁহাৰি নোপোৱাৰ অভিযোগ প্ৰায়ে শুনা যায় ৷ এনে দীৰ্ঘদিনীয়া সমস্যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে আগন্তুক দিনত কঠোৰ পদক্ষেপ ল’ব বুলি ঘোষণা কৰিছে ৷ এতিয়াৰে পৰা ৰিজাৰ্ভ বেংকে ভাৰতৰ ৰাজহুৱা কিম্বা ব্যক্তিগত খণ্ডৰ প্ৰত্যেকটো বেংক কৰ্তৃপক্ষৰ দ্বাৰা সংশ্লিষ্ট গ্ৰাহক সকলৰ সকলো অভিযোগৰ বিচাৰ কৰি উপযুক্ত পদক্ষেপ লোৱা হৈছেনে নে নাই সেই সন্দৰ্ভত বাৰ্ষিক প্ৰতিবেদন বিচৰাৰ লগতে প্ৰত্যেক বছৰে গ্ৰাহকৰ অভিযোগ তথা ওজৰ আপত্তিৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰিব ৷

অত্যন্ত সুক্ষ্মভাৱে ৰিজাৰ্ভ বেংকৰ দ্বাৰা প্ৰত্যেক বেংকৰ গ্ৰাহকৰ সুৰক্ষা তথা সুবিধাৰ বাবে প্ৰয়োজনীয় সকলো বিধিগত ব্যৱস্থাৰ পৰ্যালোচনা কৰা হ’ব বুলি ঘোষণা কৰা হৈছে ৷ তাৰোপৰি যিবিলাক বেংকৰ ক্ষেত্ৰত গ্ৰাহকৰ অভিযোগ তথা সুৰক্ষা সুবিধাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থাৰ বাৰম্বাৰ উলংঘনৰ তথ্য পোহৰলৈ আহিছে বা আহে, তেনে বেংকৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে ৷ ৰিজাৰ্ভ বেংকৰ এই পদক্ষেপ অত্যন্ত আদৰণীয় ৷ বিগত দুই বছৰত ইয়েছ বেংককে ধৰি আন কেইবাটাও বেংক দেউলীয়া হোৱাৰ পৰিপ্ৰৰেক্ষিতত সাধাৰণ গ্ৰাহকৰ কেৱল হাৰাশাস্তি হোৱাই নহয়,ভাৰতৰ বেংকিং খণ্ডৰ নিৰাপত্তা সন্দৰ্ভত প্ৰশ্নৰ উদয় হৈছিল ৷ ৰিজাৰ্ভ বেংকৰ এই শেহতীয়া কঠোৰ পদক্ষেপে এই সংক্ৰান্তত গ্ৰাহকক আশ্বস্ত কৰিব বুলি আশা কৰিব পাৰি ৷