বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / দিয়া ধন কি কৰিছে চাবলৈ আহিছে

দিয়া ধন কি কৰিছে চাবলৈ আহিছে

ফ্ৰান্সৰ মন্ত্ৰী কাজিৰঙাত

গোলাঘাট,৩১ জানুৱাৰী : ফ্ৰান্সৰ ইক’লজিকেল ট্ৰেনজিশ্যন দপ্তৰৰ মন্ত্ৰী বাৰাবাৰা পম্পীলি আহি কাজিৰঙাত উপস্থিত হৈছেহি ৷ তেওঁৰ এই ভ্ৰমণত সংগ দিছে ভাৰতস্থ ফৰাছী দূতাবাসৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনিনে,কনচুল জেনেৰেল ব্ৰুনু বচলে ৷

উল্লেখযোগ্য যে কাজিৰঙাৰ ৰেঞ্জসমূহৰ উন্নয়নৰ বাবে ফ্ৰান্স চৰকাৰে সাহাৰ্য আগবঢ়াইছিল ৷ সেই সাহাৰ্যৰ ধন সঠিক ৰূপত ব্যৱহাৰ হৈছে নে নাই সেই বিষয়টো নিৰীক্ষণ কৰিবলৈ মন্ত্ৰীগৰাকীক সেই দেশৰ চৰকাৰৰ ফালৰ পৰা পঠিওৱা হৈছে ৷ উক্ত দলক অসমীয়া পৰম্পৰাগত নিয়মেৰে আদৰ সম্ভাষণ জনোৱা হয় ৷