মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বাজেটে কি দিব

বাজেটে কি দিব

কাইলৈৰ বাজেটৰ ওপৰত সকলোৰে চকু ৷

নতুন দিল্লী,৩১জানুৱাৰী : প্ৰত্যেক বছৰে বাজেট আহে আৰু যায় ৷ বাজেটৰ আনুষ্ঠানিকতা সাধাৰণ ৰাইজৰ বাবে বহু পৰিমাণে এক গতানুগতিক কাৰ্যপন্থা হৈ পৰা দেখা গৈছে ৷ আনহাতে, কাইলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিবলগীয়া বাজেটৰ ওপৰত এইবাৰ সাধাৰণ নাগৰিকৰ লগতে দেশৰ সকলো উদ্যোগৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত ব্যক্তি তথা প্ৰতিষ্ঠানৰ দৃষ্টি নিবন্ধ হৈ আছে ৷ বিগত বৰ্ষত ক’ভিড মহামাৰীয়ে দেশৰ অৰ্থনীতিৰ কঁকাল ভাঙি প্ৰায় সকলো স্তৰৰ ব্যক্তিৰ আৰ্থিক পৰিকল্পনাত যথেষ্ট জটিলতাৰ সৃষ্টি কৰিলে ৷ দেশৰ জনমূৰি আয়ৰ বিকাশৰ হাৰ অভূতপূৰ্বভাৱে ঋণাত্মক ২৩% শতাংশ স্পৰ্শ কৰাত সাধাৰণ জনতাৰ লগতে দেশৰ শাসনৰ বাঘজৰী ধৰি থকা সকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ল ৷ চৰকাৰে সাধাৰণ ৰাইজ তথা উদ্যোগ,ব্যৱসায়ী সকলক সকাহ দিবৰ বাবে বিভিন্ন তাৎক্ষণিক পদক্ষেপ লবলৈ বাধ্য হ’ল৷ভূতৰ ওপৰত দানহ পৰাৰ দৰে বিগত বৰ্ষৰ মে মাহৰ পৰাই ভাৰত -চীন সীমান্তত সামৰিক উত্তেজনা বৃদ্ধি পাবলৈ ধৰিলে যি অদ্যাপি অটুত আছে ৷ এনে অৱস্থাৰ পৰিপ্ৰৰেক্ষিতত তাৎক্ষণিকভাৱে ভাৰত চৰকাৰে সামৰিক তথা প্ৰতিৰক্ষা খণ্ডত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লবলৈ বাধ্য হ’ল যাৰ দ্বাৰা কঁকাল ভাঙি পৰা ভাৰতৰ অৰ্থনীতিৰ ওপৰত অতিৰিক্ত বোজা পৰিল৷গতিকে কাইলৈৰ বাজেটত বিত্তমন্ত্ৰীয়ে সাধাৰণ জনতা,উদ্যোগৰ ক্ষেত্ৰত  কৰৰ বোজা হ্ৰাস কৰাৰ পূৰ্ণ  সম্ভাৱনা আছে,তেনেকৈ প্ৰতিৰক্ষা শিতানত পূৰ্বৰ তুলনাত অতিৰিক্ত পুঁজি ঘোষণা কৰিব বুলি আশা কৰিব পাৰি৷তাৰোপৰি অৰ্থনীতিৰ বিকাশৰ গতি তৰান্বিত কৰিবলৈ চৰকাৰে বাজেটত বিভিন্ন আচঁনিৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ গতিকে এই অতিৰিক্ত ব্যয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেনেকৈ পুঁজি সংগ্ৰহ কৰিব,তাৰ প্ৰতি সকলোৱে লক্ষ্য কৰিছে ৷