শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / বিজেপিৰ কৰ্মী হত্যাৰ তথ্য পাইছে আৰক্ষীয়ে

বিজেপিৰ কৰ্মী হত্যাৰ তথ্য পাইছে আৰক্ষীয়ে

ষড়যন্ত্ৰ বুলি ক’লে ত্ৰিপুৰা বিজেপিয়ে

আগৰতলা,৩১ জানুৱাৰী : ত্ৰিপুৰাৰ মাণিকপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কাৰবাৰী পাৰাত এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক গুলীয়াই হত্য কৰা ঘটনাটোৱে সমগ্ৰ ৰাজ্যখনতেই এক ৰহস্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষী মহাপৰিদৰ্শক অৰিন্দম নাথে কয় “ আমি কিছুমান তথ্য পাইছোঁ ৷ সেই তথ্যৰ ভিত্তিত আমি অভিযান চলাই আছোঁ ৷ ”উল্লেখযোগ্য যে নিহত কৃপাৰঞ্জন বিজেপিৰ এজন সক্ৰিয় কৰ্মী আছিল আৰু তেওঁ বিজেপিৰ মণ্ডল সভাপতিৰ ভাতৃ আছিল ৷ বিজেপিৰ মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্যই কয় “ আমি এজন সক্ৰিয় কৰ্মীক হেৰুৱালোঁ ৷ খুব সোনকালে ইয়াৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে আমি দাবী জনাইছোঁ ৷ ”