শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / ২৮ ফেব্ৰুৱাৰীত শেষ হ’ব তৃণমূল কংগ্ৰেছ !

২৮ ফেব্ৰুৱাৰীত শেষ হ’ব তৃণমূল কংগ্ৰেছ !

ভতিজাকক মুখ্যমন্ত্ৰী কৰাই মমতাৰ লক্ষ্য

কলকাতা,৩১ ডিচেম্বৰ : “যিটো হাৰত তৃণমূল কংগ্ৰেছৰ পৰা ভাৰতীয় জনতা পাৰ্টিলৈ মানুহ আহিছে মই ভাবোঁ,দলটোত মমতা বেনাৰ্জীক বাদ দি হয়তো নিৰ্বাচনৰ সময়লৈ কোনো নাথাকিব”-এনেদৰে মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ হাওৰাৰ দুমৰজালা ষ্টেডিয়ামত অনুষ্ঠিত এক সমদলত  ভাৰ্চুৱেলি অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী গৰাকীয়ে এনেদৰে কয় ৷ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী উপস্থিত থকা এই সমাৱেশত কালি বিজেপি দলত যোগদান কৰা তৃণমূল কংগ্ৰেছৰ বিধায়ক ৰাজীৱ বেনাৰ্জী,বালিৰ বিধায়িকা বৈশালী ডালমিয়া,ৰথীন চক্ৰবৰ্তী,প্ৰবীৰ ঘোষালো উপস্থিত আছিল ৷ “মই ৰাজীৱক কৈছোঁ মমতা বেনাৰ্জীৰ দলৰ এইবাৰ কোনো এজেণ্ডা নাই ,মাত্ৰ তেওঁৰ ভতিজাকক মুখ্যমন্ত্ৰী কৰাই তেওঁলোকৰ লক্ষ্য ৷ মই এই চৰকাৰখন উফৰাই বিজেপি দলৰ চৰকাৰ গঠন কৰিবলৈ বদ্ধপৰিকৰ ৷ ” বিজেপিত অলপতে যোগদান কৰা শুভেন্দু অধিকাৰীয়ে কয় “অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত তৃণমূল কংগ্ৰেছ দলত কোনো নাথাকিব ৷ এইটো এটা ব্যক্তিগতখণ্ডৰ কোম্পানী ৷ ৰাইজৰ সেৱা কৰিব খোজা লোক এই কোম্পানীত থাকিব নোৱাৰে৷”আনহাতে,প্ৰাক্তন বনমন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে কয় “ আমি ডাবল ইঞ্জিনৰ চৰকাৰ বিচাৰিছোঁ ৷ কেন্দ্ৰ আৰু ৰাজ্য দুয়োটাতে আমাক বিজেপিৰ চৰকাৰ লাগে ৷ ”