বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ৰাস্তা নিওঁ নিওঁ কৰি আছে নদীয়ে !

ৰাস্তা নিওঁ নিওঁ কৰি আছে নদীয়ে !

কাণসাৰ নাই প্ৰতিনিধিৰ

সোণাৰি,৩১জানুৱাৰী : দিচাং নদীৰ  গৰাখহনীয়াই যেন ভয়াবহতা কঢিয়াই আনিছে এখন গাঁওলৈ ৷ গৰাখহনীয়াৰ ফলত গাওঁবাসীয়ে একমাত্ৰ যাতায়তৰ পথটো হেৰুওৱাৰ শংকাত ত্ৰস্তমান হৈ আছে ৷

সোণাৰি বিধান সভা সমষ্টিৰ চফ্ৰাই গাঁও  পঞ্চায়তৰ অন্তৰ্গত বৰাহী কছাৰী গাঁও। গাওঁখনৰ কাষেৰে বৈ যোৱা দিচাং নদীয়ে অশনি সংকেত কঢিয়াই আনিছে গাঁওখনৰ মূল পথটোলৈ ৷ ফলত স্থানীয় জনসাধাৰণ শংকিত হৈ পৰিছে ৷ বাৰিষা কালত দিচাঙৰ পানী ফেনে -ফুটুকাৰে বাঢ়ি অহাৰ লগে লগে চপৰা চপৰা খহে গড়াৰ মাটি, ফলত নদীৰ কাষেৰে যোৱা গাঁৱখনৰ  মূল পথটোলৈ নামি আহিছে সংকট৷ উল্লেখযোগ্য যে এই পথটোৰেই নিতৌ প্ৰায় পাঁচ হাজাৰ জনসাধাৰণ অহা যোৱা কৰে,  কিন্তু গৰা খহনীয়াৰ ফলত এতিয়া শংকিত হৈ পৰিছে স্থানীয় জনসাধাৰণ ৷

বিভাগীয় কৰ্তৃপক্ষ অথবা  স্থানীয় বিধায়িকা নৱনীতা সন্দিকৈ তথা  সাংসদ তপন গগৈক বহুবাৰ আৱেদন নিবেদন কৰিও কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই ৷ গাওঁবাসীয়ে আনহাতে স্থানীয় জনসাধাৰণৰ চৰকাৰলৈ বিনম্ৰ অনুৰোধ অতি শীঘ্ৰে যাতে গৰা খহনীয়া ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে ৷