বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / আছুৱে কঁপালে অসম

আছুৱে কঁপালে অসম

আছুৰ কৰ্মীক প্ৰহাৰৰ বিৰুদ্ধে প্ৰতিবাদ

নগাঁও , ১ ফেব্ৰুৱাৰী : আছুৰ কৰ্মীৰ ওপৰত নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত আছুৰ কৰ্মীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তেজপুৰ আৰু শুৱালকুছিত গণতান্ত্ৰিকভাবে প্ৰতিবাদ সাব্যস্ত কৰা আছুৰ কৰ্মীক নিৰ্মম ভাবে প্ৰহাৰ কৰৰ প্ৰতিবাদত নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত ছাত্ৰ সন্থাৰ কৰ্মী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে । ছাত্ৰ সন্থাৰ কৰ্মী সকলৰ আন্দোলন দমন কৰিব বিচৰা সৰ্বানন্দ সোণোৱাল হুচিয়াৰ , আছুৰ ওপৰত আৰক্ষী নিৰ্যাতন বন্ধ কৰক , মিত্ৰজোঁটৰ চৰকাৰ হুচিয়াৰ , আছু জিন্দাবাদ আদি বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও আছু কৰ্মী সকলে আৰক্ষীৰ বাধা নেওচি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।নগাঁৱৰ লগতে শিৱসাগৰ,চৰাইদেউতো আছুৱে আজি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

 “ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত থকা ৰাজ্যৰ গৃহ বিভাগে গণতান্ত্ৰিক প্ৰতিবাদক বাধা দিয়াৰ নামত প্ৰতিবাদী ছাত্ৰ কৰ্মীক মাৰধৰ কৰা কাৰ্যই প্ৰকৃততে  ৰাজ্য চৰকাৰৰ ফেচিষ্ট নীতিকে উদঙাই দিছে। আগন্তুক দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ গৃহ বিভাগে এনেধৰণৰ কাৰ্য পুনৰ অব্যাহত ৰাখিলে আগন্তুক দিনত তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হ’ব লাগিব”- এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনৰ। শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি আছু নেতাজনে কয়, “গণতান্ত্ৰিক প্ৰতিবাদক বাধা দিয়াৰ নামত প্ৰতিবাদী ছাত্ৰ কৰ্মীক আৰক্ষীয়ে দিয়া প্ৰতিটো কোবৰ হিচাপ ছাত্ৰ সন্থাৰ কৰ্মীসকলে মনত ৰাখিব আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব ৷”
নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে গণতান্ত্ৰিক ভাবে কৰা প্ৰতিবাদৰ ওপৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে শেহতীয়াকৈ তেজপুৰ আৰু শুৱালকুছিত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীৰ লগতে ছাত্ৰীৰ ওপৰত কৰা আক্রমণৰ প্ৰতিবাদত আজি অবিভক্ত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত  ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
 শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰাৰ সমান্তৰালকৈ চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ শ্বহীদ উদ্যানৰ সন্মুখত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা প্ৰতিবাদ সাব্যস্ত কৰে।