সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / উৰহৰ খং ভগাঢাৰিত !

উৰহৰ খং ভগাঢাৰিত !

ট্ৰেক্টৰ মালিকলৈ জাননী

লক্ষ্ণৌ,১ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ ২২০ খন ট্ৰেক্টৰৰ মালিকক আৰক্ষীয়ে জাননী পঠিয়াইছে ৷ বিৰোধী দলৰ নেতা তথা সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোবিন্দ চৌধুৰীয়ে কয় যে ট্ৰেক্টৰৰ মালিকসকললৈ জাননী পঠিওৱাটোত এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে ৷ ইয়াৰ জৰিয়তে সমগ্ৰ কৃষকৰ আন্দোলনটো মষিমূৰ কৰিব বিচৰা হৈছে ৷ আনহাতে,আৰক্ষীৰ মতে এই জাননীৰ লগত কৃষকৰ প্ৰতিবাদৰ কোনো সম্পৰ্ক নাই ৷ “জাননীবোৰ প্ৰেৰণ কৰা হৈছে কাৰণ তেওঁলোকৰ ট্ৰেক্টৰ সমূহ বাণিজ্যিক কামত ব্যৱহৃত হৈছে আৰু কমবয়সীয়া চালকে চলাইছে ৷ ফলত ৰাস্তাত বহুতবোৰ দুৰ্ঘটনা সংঘটিত হৈছে তদুপৰি এইবোৰ নীতিবৰ্হিভূতভাৱে খনন কাৰ্যত ব্যৱহাৰ হৈছে”-এনেদৰে কয় চিকন্দৰপুৰ থানাৰ বিষয়া বাল মুকুন্দ মিশ্ৰই৷অৱশ্যে জিলা পৰিবহন বিষয়া ৰাজেশ্বৰ যাদৱে আৰক্ষীৰ এই জাননীৰ বিষয়ে অৱগত নহয় বুলি জনাইছে ৷