শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / পলিঅ’ৰ পৰিবৰ্তে খুৱালে ছেনিটাইজাৰ

পলিঅ’ৰ পৰিবৰ্তে খুৱালে ছেনিটাইজাৰ

প্ৰশিক্ষণৰ অভাৱৰ বাবেই হয় এই ঘটনা

মুম্বাই,১ফেব্ৰুৱাৰী : মহাৰাষ্ট্ৰৰ ঘাটানাজীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ ঘাটানাজীৰ কাপচী কাপৰী স্বাস্থ্য কেন্দ্ৰত ১২ টি কণ কণ শিশুক পলিঅ’ৰ পৰিবৰ্তে হেণ্ড ছেনিটাইজাৰ খুৱাই দিয়ে নাৰ্ছে ৷ উপযুক্ত প্ৰশিক্ষণৰ অভাৱৰ বাবে এই ঘটনা সংঘটিত হয় ৷ শিশু কেইটাৰ শাৰীৰিক অৱস্থা বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা হৈছে আৰু চিকিৎসকৰ তৎত্বাৱধানত ৰখা হৈছে শিশুকেইটি ৷ ইতিমধ্যে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নাৰ্ছ কেইগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে ৷