দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / বহিস্কৃত নে আত্মসমৰ্পণকাৰী !

বহিস্কৃত নে আত্মসমৰ্পণকাৰী !

অসম-অৰুণাচল প্ৰদেশ সীমান্তত আলফা সদস্যৰ আত্মসমৰ্পন

চৰাইদেউ আৰক্ষী আৰু অসম ৰাইফলচৰ এক যুটীয়া অভিযানৰ সময়ত আজি উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এগৰাকী কেডাৰে আত্মসমৰ্পন কৰে। অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ লংডিঙত চলা অভিযানৰ সময়ত আত্মসমৰ্পন কৰে  দুধৰ্ষ আলফা (স্বা) সদস্যজনে। আত্মসমৰ্পনকাৰী দুধৰ্ষ আলফা স্বাধীন সদস্যজনৰ নাম লক্ষ্যজিৎ অসম ওৰফে ভাইমন গগৈ বুলি জানিবলৈ দিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই।

আত্ম সমৰ্পন কৰা আলফা স্বাধীনৰ কেডাৰজনক সোণাৰি আৰক্ষী থানাত  পাছত সোধাপোছা অব্যাহত ৰাখিছে চৰাইদেউ আৰক্ষীয়ে। চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয়  “১৯৯৬ চনতে আলফাত যোগদান কৰা লক্ষ্যজিৎ অসম ওৰফে ভাইমন গগৈৰ ঘৰ লাকুৱাৰ টিপমীয়াত। ছমাহৰ পূৰ্বে আলফা (স্বা)ই বহিষ্কাৰ কৰা লক্ষ্যজিৎ অসমে কিছুদিন ম্যানমাৰ সীমান্তৰ এখন গাঁওত আশ্ৰয় গ্ৰহণ কৰাৰ পাছত অৰুণাচলৰ খুনচা বস্তি পাৰ হৈ আহি আত্মসমৰ্পন কৰে। বৰ্তমানলৈকে সোধাপোছা কৰা লগতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ ”