শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Business  / Region  / ব্যৱসায়ী অসন্তুষ্ট !

ব্যৱসায়ী অসন্তুষ্ট !

ভবামতে নহ’ল বাজেট

পাটনা,১ফেব্ৰুৱাৰী : আজি কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ পিছত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে ৷ বিহাৰৰ ব্যৱসায়ীক সম্প্ৰদায় এই বাজেটখন লৈ অলপো সুখী নহয় ৷ দৈনিক ব্যৱহৃত বহুবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ ইংগিত বহন কৰিছে নতুন বাজেটে ৷ হাথুৱা মাৰ্কেটৰ এগৰাকী খুচুৰা বিক্ৰেতা ৰাজু চৌধুৰীয়ে কয় “ কাষ্টম ডিউটি বৃদ্ধি পোৱা বাবে সামগ্ৰীৰ মূল্য বৃদ্ধি পাব ৷ মোবাইলৰ পাৰ্টচৰ দামো বৃদ্ধি হ’ব ৷ ”দাৰভাংগাৰ চেম্বাৰচ অব কমাৰ্চৰ সদস্য বাবুলাল প্ৰজাপতিয়ে কয় “মধ্যবিত্ত পৰিয়াল  ইয়াৰ দ্বাৰা অলপো উপকৃত নহয় ৷ মধ্যবিত্ত পৰিয়ালে কৰ ৰেহাইৰ কথা ভাবিছিল ৷ ”

ক’ভিডৰ বাবে প্ৰায়বোৰ উদ্যোগেই মৃতপ্ৰায় ৰূপ লৈছে ৷ সেয়ে ব্যৱসায়ী সকলে কৰ ৰেহাইৰ কথা ভাবিছিল ৷ কিন্তু মন্ত্ৰী গৰাকীয়ে কেৱল জিএছটিৰ জটিলতা আঁতৰোৱা আৰু ৭৫ বছৰৰ ওপৰৰ লোকৰ কৰ ৰেহাইৰ বিষয়টোহে উল্লেখ কৰিলে ৷