সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভাষা গৌৰৱ আঁচনিৰ ধন পাই সুখী সাহিত্য সভা

ভাষা গৌৰৱ আঁচনিৰ ধন পাই সুখী সাহিত্য সভা

কৃতজ্ঞতা জনাইছে বিষয়ববীয়াই

নগাঁও, ১ ফেব্ৰুৱাৰী : অসম চৰকাৰে ভাষা গৌৰৱ আঁচনিৰ অধীনত অসম সাহিত্য সভালৈ আৰু লগতে বিভিন্ন জনগোষ্ঠীয় আৰু জনজাতীয় সাহিত্য সভালৈ মুঠ ৪৩ কোটি ২০ লাখ টকা আগবঢ়াইছে । বিষয়টোত পৰম আনন্দ প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই । আজি অসম সাহিত্য সভাৰ এই দুই প্ৰাক্তন বিষয়ববীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত জনাই যে সাহিত্য সভাৰ ইতিহাসত কোনো যুুুগতে অসম চৰকাৰে ইমান বৃহৎ পৰিমাণৰ ধন আগবঢ়োৱাৰ কোনো নজিৰ নাই বুলি উল্লেখ কৰে৷ অসম সাহিত্য সভালৈ ১০ কোটি টকা ভাষাৰ উৎকৰ্ষ সাধনৰ কাৰণে আগবঢ়োৱাত বৰ্তমানৰ চৰকাৰখনক ধন্যবাদ জনাইছে । বিবৃতিটোত লগতে কোৱা হৈছে যে ২০১৯ চনৰ পৰা ভাষা গৌৰৱ আঁচনি প্ৰসঙ্গত চৰকাৰী পৰ্যায়ত আলোচনা আৰম্ভ হৈছিল । অসমৰ থলুৱা ভাষা আৰু মুখ্যতঃ অসমীয়া ভাষাৰ সৰ্বাংগীণ বিকাশৰ বাবে অসম সাহিত্য সভাৰ অনুৰোধ মৰ্মে অসম বিধানসভাত শিক্ষা, স্বাস্থ্য, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই  সুদূৰ প্ৰসাৰী ভাষা গৌৰৱ আঁচনি উত্থাপন কৰিছিল ।

সাহিত্য সভাৰ হৈ ড° পৰমানন্দ ৰাজবংশীয়ে বিভিন্ন সময়ত এই আলোচনাত অংশগ্ৰহণ কৰি অসম চৰকাৰক অসমীয়া ভাষাৰ লগতে বিভিন্ন জনগোষ্ঠীয় আৰু জনজাতীয় ভাষাৰ বিকাশৰ বাবে শকত পৰিমাণৰ ধন আগবঢ়াবলৈ অনুৰোধ জনাইছিল । ড° ৰাজবংশীয়ে চৰকাৰলৈ সমুদায় ধন স্থায়ী বিত্তীয় নিধিত(Corpus fund)জমা কৰাৰ প্ৰস্তাৱ পৰামৰ্শ হিচাপে আগবঢ়াইছিল । উল্লেখযোগ্য যে আৰম্ভণি পৰ্যায়ত কেৱল অসম সাহিত্য সভাৰ লগতে বড়ো, কাৰ্বি, তিৱা, ডিমাচা, মিচিং, গাৰো, ৰাভা আৰু দেউৰী এই আঠ জনজাতীয় সাহিত্য সভালৈ ধন আগবঢ়োৱাৰ কথা চলি আছিল । কিন্তু মুখ্যমন্ত্ৰীৰ বাসগৃহত ২০১৯ ৰ ৩১ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ সৈতে শেষ আলোচনা সভাত বহাৰ পূৰ্বে অসম সাহিত্য সভাৰ ফালৰ পৰা সকলো জনগোষ্ঠীয় সাহিত্য সভালৈ ভাষা গৌৰৱ আঁচনিৰ ধন আগবঢ়াবলৈ অনুৰোধ জনোৱা হয় । উক্ত সভাখনিৰ পূৰ্বে জনগোষ্ঠীয় সাহিত্য সভাসমূহক ভগৱতীপ্ৰসাদ বৰুৱা ভৱনলৈ আমন্ত্ৰণ কৰি সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ উপস্থিতিত আলোচনাও কৰা হয় ।

সেই অনুসৰি অসম সাহিত্য সভাৰ ফালৰ পৰা সকলো জনগোষ্ঠীয় সাহিত্য সভাৰ নাম তালিকা চৰকাৰলৈ প্ৰেৰণ কৰা হয় । অসম সাহিত্য সভাৰ সেই প্ৰচেষ্টাৰ ফলস্বৰূপেই ৩১ ডিচেম্বৰৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম সাহিত্য সভালৈ দহ কোটি, বড়ো সাহিত্য সভালৈ পাঁচ কোটি আৰু অন্যান্য জনগোষ্ঠীয়- জনজাতীয় সাহিত্য সভালৈ তিনি কোটিকৈ ধন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল । অসম সাহিত্য সভাৰ ফালৰ পৰা উক্ত সভাত সভাপতি-প্ৰধান সম্পাদকৰ হৈ উপ-সভাপতি ড° হেমন্তকুমাৰ বৰুৱা, কৰ্ণধাৰ সমিতিৰ সদস্য ড° বলেন্দ্ৰকুমাৰ দাস, অৱনীমোহন চহৰীয়া আৰু ধনভঁৰালী কনককুমাৰ বৰা উপস্থিত আছিল । আজি এই কথা প্ৰকাশ কৰি সাহিত্য সভাৰ প্ৰাক্তন দুই বিষয়ববীয়াই প্ৰতিটো জনজাতীয়-জনগোষ্ঠীয় সাহিত্য সভাক অভিনন্দন  জনাইছে আৰু সভাৰ শুৱালকুছি অধিৱেশনৰ সিদ্ধান্ত অনুসৰি ভাষা গৌৰৱ আঁচনিৰ ধনৰ সুদেৰে ভাষা বিকাশৰ কাম কৰিবলৈ বৰ্তমানৰ বিষয়ববীয়াক আহ্বান জনাইছে।