দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / হাৱাই চেণ্ডেল পিন্ধিব লাগিব পৰীক্ষাত

হাৱাই চেণ্ডেল পিন্ধিব লাগিব পৰীক্ষাত

আজিৰ পৰা পৰীক্ষা আৰম্ভ বিহাৰত

পাটনা,১ফেব্ৰুৱাৰী : বিহাৰ মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি এই পৰীক্ষা অনুষ্ঠিত হৈছে ৷ এই পৰীক্ষা অহা ১৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে পৰীক্ষাগৃহ সম্পূৰ্ণৰূপে ছেনিটাইজ কৰা হৈছে ৷ পৰীক্ষাৰ্থী তথা পৰীক্ষকসকলে ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ওপৰিও মাস্ক পৰিধান কৰাতো বাধ্যতামূলক ৷ পৰীক্ষা অনুষ্ঠিত হোৱাৰ  ১০ মিনিট আগতেই পৰীক্ষাগৃহত সকলোৱে প্ৰৱেশ কৰিব লাগিব ৷ জোতা,মোজা পৰিধান কৰি পৰীক্ষা গৃহত প্ৰৱেশ কৰিব নোৱাৰিব ৷ পৰীক্ষাগৃহত কেৱল হাৱাই চেণ্ডেল পিন্ধিহে প্ৰৱেশ কৰিব পাৰিব ৷ কেৱল পৰীক্ষা কেন্দ্ৰ পৰিচালনাৰ দায়িত্বত থকা লোকেহে ম’বাইল ব্যৱহাৰ কৰিব পাৰিব ৷ এইবাৰ ৰাজ্যখনত ১৩ লাখ ৫০ হাজাৰ পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷ পৰীক্ষা কেন্দ্ৰসমূহৰ আশেপাশে ১৪৪ ধাৰা জাৰি কৰা হৈছে ৷