শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / ৰাজীৱ বেনাৰ্জীলৈ জেদ প্লাছ

ৰাজীৱ বেনাৰ্জীলৈ জেদ প্লাছ

প্ৰাক্তন তৃণমূল মন্ত্ৰীৰ নিৰাপত্তা কঠোৰ

কলকাতা,১ফেব্ৰুৱাৰী : শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ বেনাৰ্জীক জেদ প্লাছ নিৰাপত্তা প্ৰদান কৰা হৈছে ৷ সমগ্ৰ দেশত তেওঁ ওৱাই কেটেগৰীৰ নিৰাপত্তা লাভ কৰিব ৷ উল্লেখযোগ্য যে ৰাজীৱ বেনাৰ্জীয়ে যোৱা শনিবাৰে দলটোত যোগদান কৰিছিল ৷ বিজেপিৰ সভাপতি জে পি নাড্ডাৰ কনভয়ত পশ্চিমবংগত আক্ৰমণ কৰাৰ বাবেই কেন্দ্ৰীয় গৃহ বিভাগে তেওঁৰ নিৰাপত্তা বৃদ্ধিৰ সিন্ধান্ত গ্ৰহণ কৰে ৷