শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আকালি দলৰ অধ্যক্ষক আক্ৰমণ

আকালি দলৰ অধ্যক্ষক আক্ৰমণ

কংগ্ৰেছীয়েহে বোলে কৰিছে আক্ৰমণ

ছণ্ডীগড়,২ফেব্ৰুৱাৰী : শিৰোমণি আকালি দলৰ অধ্যক্ষ সুখবীৰ সিং বাদলৰ ওপৰত কংগ্ৰেছৰ সদস্যই আক্ৰমণ কৰা বুলি অভিযোগ কৰিছে দলটোৰ সদস্যসকলে৷ ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে সমৰ্থকক লগত লৈ নিজৰ গাড়ীৰে গৈ থকা সময়ত তেওঁৰ গাড়ীলৈ ‘কংগ্ৰেছ’ দলৰ নেতাই পাথৰ মাৰে ৷ এই আক্ৰমণৰ ঘটনাত কেইবাজনো  সদস্য আহত হৈছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে ৷ অৱশ্যে উক্ত ঘটনাত বাদল কথমপি ৰক্ষা পৰে ৷ বাদলৰ মেডিয়া উপদেষ্টা জংভীৰ সিঙে কংগ্ৰেছৰ বিধায়ক ৰমিন্দৰ সিংৱালাৰ ভতিজাক এই আক্ৰমণৰ লগত জড়িত বুলি অভিযোগ তুলিছে৷তেওঁ লগতে কয় যে আৰক্ষীৰ লোক ঘটনা সংঘটিত হোৱাৰ সময়ত উক্ত স্থানত উপস্থিত আছিল যদিও  আৰক্ষীয়ে নীৰৱ দৰ্শকৰ ভূমিকা লৈছিল ৷ উল্লেখযোগ্য যে পাঞ্জাৱৰ ৮ খন পৌৰনিগম আৰু ১০৯ খন পৌৰসভাৰ নিৰ্বাচন অহা ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ৷