মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / চুলাইৰ বাবে ওলাই আহিল জনতা

চুলাইৰ বাবে ওলাই আহিল জনতা

সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ বাবে প্ৰতিবাদ

চৰাইদেউ, ২ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা অবৈধ চুলাই মদৰ বেহাই বিনষ্ট কৰিছে সামাজিক পৰিৱেশ। জিলাখনৰ সদৰ সোণাৰিৰ পাৰ্শ্বৱৰ্তী চাহ বাগিচাৰ অঞ্চলসমূহৰ লগতে কাকতিবাৰী, টিমন, টিয়কঘাট, বৰুৱানগৰ, বৰহাট, শালকাঠনি, টিঙালীবাম, নাফুক, ভজো, মিৰিপথাৰ সাপেখাতী, বৰুৱানগৰ, বৰাহী, নামতোলা আদি অঞ্চলত একাংশ লোকে অবৈধ চুলাই  মদৰ লগতে বিলাতী সুৰাৰ ঘাটি গঢ়ি তোলাৰ ফলত এতিয়া বহু পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে। মদৰ ঘাটিত বহি বহু ফুলকমলীয়া ল’ৰাই মদ্যপান কৰাৰ লগতে বাটে-পথে উদ্ভণ্ডালি কৰাটো এতিয়া নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে। কেৱল সেয়াই নহয় বহু ছাত্ৰই শিক্ষানুষ্ঠানলৈ ওলাই আহি মদৰ ঘাটিত বহাৰ ফলত এতিয়া শৈক্ষিক জীৱন ধ্বংস হোৱাৰো অভিযোগ উত্থাপন হৈছে।

যাৰ ফলত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা অবৈধ চুলাই মদৰ বেহা বন্ধ কৰিবলৈ উঠি পৰি লাগিছে আবকাৰী বিভাগ। আজি সোণাৰিস্থিত আবকাৰী বিভাগে অশ্বিনীবিল এলেকাত মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে ১০৫০ লিটাৰ চুলাই মদ নষ্ট কৰ। সোণাৰিৰ আবকাৰী পৰিদৰ্শক নাজিমুদ্দিন আহমেদৰ নেতৃত্বত সোণাৰিৰ আবকাৰী আৰু নামতোলা থানাৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত শিৱনাথ মুণ্ডা আৰু আকাশ মুণ্ডা নামৰ লোক দুজনৰ বাসগৃহৰপৰা মদ বনোৱা যন্ত্ৰ জব্দ কৰে। অৱশ্যে অভিযানকাৰী দলটো যোৱাৰ কথা  গম পাই  শিৱনাথ মুণ্ডা আৰু আকাশ মুণ্ডাই পলায়ন কৰে ঘৰৰপৰা । মন কৰিবলগীয়া যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা অবৈধ চুলাই মদৰ বেহা বেপাৰ বন্ধ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহলে দাবী উত্থাপন কৰি আহিছে যদিও আবকাৰী বিভাগে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। মাজে-সময়ে দুই এদিন অভিযান চলাই মদৰ ঘাটি উচ্ছেদ কৰে যদিও মদৰ ব্যৱসায়ীৰ লগত বুজাবুজি কৰা বাবেই পিছদিনাই পুনৰ ঘাটি স্থাপন কৰে বুলি অভিযোগ উত্থাপন হৈছে বিভিন্ন সময়ত। এই সন্দৰ্ভত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰ টিমন শাখা সমিতিয়ে অভিযোগ উত্থাপন কৰি কয় ”আবকাৰী বিভাগৰ লগত মিতিৰালিৰে মদ ব্যৱসায়ী সকলে চাহ বাগিচা তথা গ্ৰামাঞ্চলত অবৈধ মদৰ বিপণি গঢ়ি তুলিছে যাৰ ফলত এতিয়া অঞ্চল বিশেষে অনৈতিক তথা অসামাজিক কাৰ্যকলাপ বৃদ্ধি হৈছে৷” ইফালে অবৈধ মদৰ ঘাটি উচ্ছেদ কৰাৰ দাবীত আজি আছাই এক প্ৰতিবাদী সমদল বাহিৰ কৰি এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰাইদেউ জিলা প্ৰশাসনক দাবী জনাইছে।