শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / বটদ্ৰৱা নেৰে আঙুৰলতাই

বটদ্ৰৱা নেৰে আঙুৰলতাই

সমষ্টিবাসীয়ে বোলে তেওঁকহে বিচাৰিছে

নগাঁও, ২ ফেব্ৰুৱাৰী : “যোৱা পাঁচটা বছৰে অনেক বাধা -বিঘিনি অতিক্ৰমী অতি সন্মানীয় গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ দৰে সমষ্টিৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি কাম কৰি আহিছোঁ ৷ আগন্তুক নিৰ্বাচনত দলে বিচাৰিলে মই এই সমষ্টিটোৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ম” – এই মন্তব্য বটদ্ৰৱাৰ বহুচৰ্চিত বিধায়িকা আঙুৰলতা ডেকাৰ ৷ আজি বটদ্ৰৱা সমষ্টিৰ কাকমাৰী, কপাহেৰা, চাবুৱাধৰা আদি কেইবাটাও পঞ্চায়তত পাঁচটাকৈ গুৰুত্বপূৰ্ণ পথ, এখন দলঙৰ আধাৰশিলা স্থাপনৰ লগতে কপাহেৰাৰ নৱনিৰ্মিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলাৰ আধাৰশিলা কৰি বিধায়িকাগৰাকীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বটদ্ৰৱা এৰি আন সমষ্টিলৈ আঙুৰলতা ডেকাই মন মেলিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বাক চতুৰ বিধায়িকাগৰাকীয়ে কয়  “এনেধৰণৰ বাতৰি প্ৰকাশ হোৱাৰ পাছত  সমষ্টিৰ মানুহৰ পৰা  মই  নিৰ্বাচন খেলিব লাগে বুলি দাবী আহিছে আৰু এনেয়ো মই বটদ্ৰৱা এৰি ক’লৈকো নাযাওঁ ৷ আগতে মই ৰাজনীতিত একেবাৰে নতুন আছিলো ৷ কিন্তু যোৱা পাঁচ বছৰত মই যথেষ্ট অভিজ্ঞতা লাভ কৰিছোঁ ৷

” কংগ্ৰেছৰ মিত্ৰজোঁট সন্দৰ্ভত বিধায়িকা গৰাকীয়ে কয় “মিত্ৰজোঁটে একো প্ৰভাব নেপেলায় আমাৰ জয়যাত্ৰাত ৷ কিয়নো মিত্ৰজোঁটৰ মাজতেই একতা নাই ৷ মিত্ৰতা এই ভাগে এই জোৰা লাগে ৷ মই এই পাঁচ বছৰত সমষ্টিৰ কাম-কাজ যিদৰে কৰি আহিছোঁ , সমষ্টিবাসী সন্তুষ্ট আৰু সমষ্টিবাসীয়ে পুনৰবাৰ মোকেই বিচাৰে বুলি মই অনুভৱ কৰিছোঁ৷” বিধায়িকাগৰাকীয়ে আজি প্ৰায় ১৭ কোটি টকা ব্যয় সাপেক্ষে বাঘহানা-কাকমাৰী, গোসাঁইবড়ি-জাজৰি, দগাঁও-গান্ধীবৰি, কাকমাৰী-বিষ্ণুপুৰ, নিজ কপাহেৰা-পলশাগুৰি , বাৰপূজীয়া- হেকুতাংবড়িকে ধৰি সাতটা লোকনিৰ্মান বিভাগৰ পকীপথৰ আধাৰশিলা স্থাপন কৰে ৷ সমুহ অনুষ্ঠানসমূহত বিধায়িকা আঙুৰলতা ডেকাক লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হিমাংশু দাস, কনিষ্ঠ অভিযন্তা অসীম নাথ, দলংঘাট উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা হৰমোহন হালৈ , দলংঘাট আঞ্চলিক পঞ্চায়তৰ উপ সভাপতি ভদ্ৰ বৰাকে ধৰি দলীয় বহুসংখ্যক কাৰ্যকৰ্তাই সংগ দিয়ে ৷