সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Bihar  / মতানৈক্য নাই,বাঢ়িব মন্ত্ৰীহে

মতানৈক্য নাই,বাঢ়িব মন্ত্ৰীহে

নীতিশৰ মন্ত্ৰীসভা বাঢ়িব

পাটনা,২ফেব্ৰুৱাৰী : বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ শীঘ্ৰেই সম্প্ৰসাৰণ  হ’ব ৷ মিত্ৰজোঁটৰ সহযোগী দল বিজেপিৰ বিধায়কে এইবাৰ নীতিশ কুমাৰৰ কেবিনেটত অধিক মন্ত্ৰীত্বৰ পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ কালি মন্ত্ৰীসভা সম্প্ৰসাৰণ সম্পৰ্কত বিজেপিৰ সভাপতি জে পি নাড্ডাৰ লগত আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ অৱশ্যে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ কোনোধৰণৰ মতানৈক্য নাই হোৱা বুলি জনাইছে এক বিশেষ সূত্ৰই ৷ বৰ্তমান মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈ থকা বিজেপিৰ মন্ত্ৰী কেইজনৰ হাতত কেইবাটাও দপ্তৰ আছে আৰু সেই দপ্তৰ সমূহ বিজেপিৰ নতুন বিধায়কক প্ৰদান কৰা হ’ব বুলিহে সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ ৷