সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ৰাম মন্দিৰৰ ধনেৰে মদ !

ৰাম মন্দিৰৰ ধনেৰে মদ !

বিজেপিয়ে বোলে মদ খায়

নতুন দিল্লী,২ ফেব্ৰুৱাৰী : জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কান্তিলাল ভূৰিয়াই আজি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য সম্পৰ্কত এক বিতৰ্কিত মন্তব্য কৰে ৷ তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যই দিনত ৰাম মন্দিৰৰ কাৰণে ধন সংগ্ৰহ কৰে আৰু ৰাতি সেই ধনেৰে মদ খায় ৷
বিগত সপ্তাহটোলৈকে ৰাম মন্দিৰ নিৰ্মাণৰ নামত ২৩০ কোটি টকা সংগ্ৰহ হৈছে ৷ ৰাম মন্দিৰ নিৰ্মাণৰ নামত ৰাম মন্দিৰ নিধি সমৰ্পণ অভিযানে এই বৰঙনি সংগ্ৰহৰ কাম বিগত ১৪ জানুৱাৰীৰ পৰা আৰম্ভ কৰিছে ৷ সকলো হিন্দু ধৰ্মাৱলম্বী লোককে এই মন্দিৰ নিৰ্মাণৰ বাবে পাৰ্যমানে বৰঙনি আগবঢ়াবলৈ ন্যাসৰ তৰফৰপৰা অনুৰোধ জনোৱা হৈছে ৷