বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / উৰিষ্যাত ৰেহাই দিলে হোষ্টেল মাচুল

উৰিষ্যাত ৰেহাই দিলে হোষ্টেল মাচুল

৩০ হাজাৰ ছাত্ৰছাত্ৰী হ’ব উপকৃত

ভুৱনেশ্বৰ,৩ ফেব্ৰুৱাৰী : উৰিষ্যা চৰকাৰে আজি চৰকাৰৰ দ্বাৰা পৰিচালিত সকলো ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছাত্ৰছাত্ৰীৰ ২০২০ বৰ্ষৰ হোষ্টেলৰ মাচুল বিনামূলীয়া কৰি দিয়াৰ কথা ঘোষণা কৰিছে ৷ উল্লেখযোগ্য যে বিগত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই মাচুল ৰেহাইৰ প্ৰক্ৰিয়া কাৰ্যকৰী হ’ব ৷ হোষ্টেলত থকাৰ বিনিময়ত এজন ছাত্ৰই ১২৫ টকা মাচুল পৰিশোধ কৰিবলগীয়া হৈছিল আৰু এই ঘোষণাৰ পিছত ছাত্ৰছাত্ৰী সকলৰ মুঠ ১১২৫ টকা ৰাহি হ’ব ৷ আজি মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ নিৰ্দেশত এই সিন্ধান্ত গ্ৰহণ কৰা হয় ৷

উৰিষ্যা পেৰেন্টচ ফেডাৰেশ্যনে মুখ্যমন্ত্ৰী গৰাকীৰ এই পদক্ষেপক আদৰণি জনাই কয় “ আমি আনন্দিত অনুভৱ কৰিছোঁ যে চৰকাৰে ছাত্ৰছাত্ৰী সকলক সকাহ দিছে ৷ আমি মুখ্যমন্ত্ৰী গৰাকীক সকলো অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ লগতে চিকিৎসা প্ৰতিষ্ঠানতো  এই হোষ্টেল মাচুল,বাছ ভাড়া আদি ৰেহাই দিবলৈ অনুৰোধ জনাইছোঁ ৷ লকডাউনৰ সময়ত বহুত অভিভাৱকে নিজৰ সংস্থাপন হেৰুওৱাৰ ফলত সমস্যাত পৰিছে তেওঁলোক ৷ আনহাতে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানে বিভিন্ন হাৰত মাচুল বিচাৰি অভিভাৱকক হাৰাশাস্তি কৰি আছে ৷ ”আজি ঘোষণা কৰা এই ৰেহাইৰ ফলত মুঠ ৩০ হাজাৰ ছাত্ৰছাত্ৰী উপকৃত হ’ব ৷