শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / খাদ্যত বিষক্ৰিয়া,এজনৰ মৃত্যু

খাদ্যত বিষক্ৰিয়া,এজনৰ মৃত্যু

গুৱাহাটীৰ বিৰিয়ানী খায় ডেৰ শতাধিক আক্ৰান্ত

ডিফু,৩ফেব্ৰুৱাৰী : ডিফু চিকিৎসা মহাবিদ্যালয়ত যোৱা সোমবাৰে  অনুষ্ঠিত এ ম বি বি এছ পাঠ্যক্ৰমৰ পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত  পেকেট লান্স খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে প্ৰায় ১৫০ গৰাকী লোক ৷ চিকিৎসালয়ত ১১৭ গৰাকী লোক এতিয়াও চিকিৎসাধীন হৈ আছে ৷ উল্লেখযোগ্য যে পেকেট লান্স হিচাপে আগবঢ়োৱা বিৰিয়ানী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,গুৱাহাটীৰ পৰা যোগান ধৰা হৈছিল ৷ ইতিমধ্যে এই আহাৰ গ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী স্থানীয় নেতা বকলীয়াৰ বাবুছিং বে’ৰ  মৃত্যু হৈছে ৷ আক্ৰান্ত সকলৰ ভিতৰত নাৰ্ছ,সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণকাৰী লোকো আছে ৷

এই ঘটনাৰ পিছত সমগ্ৰ কাৰবি আংলং জিলাত  তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আজি সংবাদ লিখাৰ মুৰ্হূতলৈকে  ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ৰোগী আহিয়ে আছে ৷ শৌচ,বমি আৰু পেটৰ বিষত আক্ৰান্ত হৈছে সৰহসংখ্যক ৰোগী ৷ গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে মহাবিদ্যালয়খনত অনুষ্ঠিত দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল ৷ তেওঁলোক উপস্থিত থকা সময়তে আয়োজকে পৰিবেশন কৰা পেকেট বিৰিয়ানী খাই অসুস্থ হৈ পৰিছিল শতাধিক লোক ৷


নিশা চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ সুমিত্ৰা হেগজেৰৰ নেতৃত্বত চিকিৎসা কৰ্মী সকলে ৰোগী সকলক চিকিৎসা প্ৰদান কৰে যদিও আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইয়ে আছে ৷  
নিশা চিকিৎসা মহাবিদ্যালয়খনত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা উপস্থিত হৈ ৰোগী সকলৰ অৱস্থাৰ বুজ লয় ৷ ইতিমধ্যে পাৰ্বত্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙেও চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ দিশটো চোৱা চিতা কৰে ৷ ইতিমধ্যে ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে ৷