বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বাওঁদলেৰে বুজাবুজি কৰিব বংগত

বাওঁদলেৰে বুজাবুজি কৰিব বংগত

কেৱল জয়ৰ সম্ভাৱনা থকা সমষ্টিতহে যুঁজিব

কলকাতা,৩ ফেব্ৰুৱাৰী : কংগ্ৰেছ দলে পশ্চিম বংগত বাওঁ দলৰ লগত আসন বুজাবুজিৰে অনাগত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰিছে ৷ বিৰোধী দলসমূহৰ ফালৰ পৰা বিগত ৩১ জানুৱাৰী আসন বুজাবুজিৰ অন্তিম সীমা হিচাপে ধাৰ্য কৰা হৈছিল যদিও কংগ্ৰেছ দলে সেই সময়সীমাৰ ভিতৰত কোনো সিন্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে ৷ সেয়ে দলটোৰ দায়িত্বত থকা জীতিন প্ৰসাদ আৰু দলটোৰ পৰ্যবেক্ষক বি কে হৰিপ্ৰসাদে অহা ৬ ফেব্ৰুৱাৰীত আহি কলকাতাত উপস্থিত হ’বহি ৷

ইতিমধ্যে দলৰ তৰফৰপৰা ৰাজ্যিক সভাপতি অধীৰ ৰঞ্জন চৌধুৰীক আসন বুজাবুজিৰ বিষয়টো আলোচনাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ বাওঁ দলৰ লগত বুজাবুজি কৰিবলৈ এখন সমিতি গঠন কৰি দিয়া হৈছে ৷ উক্ত সমিতিত অধীৰ ৰঞ্জন চৌধুৰীৰ ওপৰিও নেপাল মাহাতো,প্ৰদীপ ভট্টাচাৰ্য আৰু আব্দুল মান্নানক সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে ৷ কংগ্ৰেছ দলৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিহাৰৰ নিৰ্বাচনী ফলাফলে কোনোধৰণৰ প্ৰভাৱ নেপেলায় আৰু দলটোৱে কেৱল নিশ্চিত জয়ৰ সম্ভাৱনা থকা সমষ্টিতহে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব ৷