শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিহাৰ কংগ্ৰেছত ব্যাপক ৰদবদলৰ সম্ভাৱনা

বিহাৰ কংগ্ৰেছত ব্যাপক ৰদবদলৰ সম্ভাৱনা

অসন্তুষ্ট কৰ্মীক সন্তুষ্ট কৰাৰ প্ৰয়াস

পাটনা,৩ফেব্ৰুৱাৰী : বিহাৰ বিধানসভা নিৰ্বাচনত বেয়া ফলাফল প্ৰদৰ্শনৰ পিছত কংগ্ৰেছ দলৰ হাইকামাণ্ডে দলটোৰ নেতৃত্ব সলনি কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাজ্যখনৰ দায়িত্ব অৰ্পণ কৰিব খুজিছে ভক্ত চৰণ দাসৰ ওপৰত ৷ কিন্তু ভক্ত চৰণ দাস আৰু ৰাজ্যিক  সভাপতিক লৈ ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কংগ্ৰেছ কৰ্মীয়েই অসন্তুষ্ট ৷

বৰ্তমান দাসে ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি দলটোক শক্তিশালী কৰিব বিচাৰিছে যদিও  বৰ্তমান ৰাজ্যিক সভাপতি মদন মোহন ঝাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে দলৰ বিভিন্ন প্ৰান্তৰ কৰ্মীসকলে ৷ অৱশ্যে দলৰ কৰ্মীসকলৰ এই ক্ষোভ প্ৰাৰ্থীত্ব নোপোৱাৰ বিৰুদ্ধে বুলি ক’ব খোজে ৰাজ্যিক সভাপতি ঝাই ৷ ঝাই অৱশ্যে লগতে এই কথাও স্পষ্ট কৰি দিছে যে ক্ষোভ মষিমূৰ কৰিবলৈকে বিভিন্ন স্থানৰ কৰ্মীসকলক সাক্ষাৎ কৰা হৈছে আৰু কংগ্ৰেছ যিহেতু এক বৃহৎ দল ,ইয়াত ক্ষোভ অসন্তুষ্টি থাকিবই ৷