বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভাৰত বন্ধ ৬ ফেব্ৰুৱাৰীত

ভাৰত বন্ধ ৬ ফেব্ৰুৱাৰীত

দাবী নমনালৈকে প্ৰতিবাদ ৰুদ্ধ নহয়

নতুন দিল্লী,৩ফেব্ৰুৱাৰী : দিল্লী সীমান্তত প্ৰতিবাদ চলাই থকা প্ৰতিবাদকাৰী সকলৰ মাজত কেৱল যে যুৱ কৃষকেই আছে তেনে নহয় বয়োজ্যেষ্ঠ অৰ্থাৎ ৮০ ৰ উৰ্ধৰ কৃষকো আছে ৷ দিল্লীৰ হাড় কপোঁৱা শীততো হাৰ মনা নাই এই কৃষকসকলে ৷ ৰাজীৱ চৌধুৰী নামৰ ৮০ বছৰীয়া কৃষকজনে কয় “চৰকাৰে আমাৰ প্ৰতিবাদক সমৰ্থন জনোৱা উচিত ৷ ইতিমধ্যে আমাৰ প্ৰতিবাদে ৬৮ দিনত ভৰি দিলে ৷ জাৰ -জহ একোৱেই আমাৰ কণ্ঠৰোধ কৰিব পৰা নাই ৷

গতিকে আগন্তুক দিনতো চৰকাৰে মানি নোলোৱালৈকে আমাৰ প্ৰতিবাদ থমকিব বুলি ভাবিলে ভুল হ’ব ৷ ”উল্লেখযোগ্য যে অহা ৬ ফেব্ৰুৱাৰীত কৃষকসকলে ভাৰত বন্ধ ঘোষণা কৰিছে ৷ সংযুক্ত কিষাণ মৰ্চাই ইণ্টাৰনেট সংযোগ বিছিন্ন কৰা আৰু বিগত বাজেটত কৃষকসকলৰ প্ৰতিবাদক সম্পূৰ্ণৰূপে আওকাণ কৰা বিষয়টোৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৷ চকা বন্ধ কাৰ্যসূচী দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৩ বজালৈ ঘোষণা কৰা হৈছে ৷ দিল্লীৰ সকলো ৰাজপথৰ লগতে সমগ্ৰ দেশৰ সকলো ৰাষ্ট্ৰীয় ঘাইপথবোৰেৰে গাড়ীৰ যাতায়ত বন্ধ কৰি দিয়া হ’ব বুলি সংগঠনটোৰ পৰা ঘোষণা কৰাৰ পিছতেই দিল্লীৰ পথত পকী বেৰিকেড নিৰ্মাণ কৰাৰ লগতে পথত খোজ কাঢ়িব নোৱাৰাকৈ লোহা পোতা হৈছে ৷