দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / মিকিৰ-বামুণীত প্ৰতিবাদ অব্যাহত

মিকিৰ-বামুণীত প্ৰতিবাদ অব্যাহত

অষ্টম দিনত ভৰি দিলে প্ৰতিবাদে

নগাঁও,৩ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত আৰু চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলক উচ্ছেদ কৰি আজুৰ নামৰ এটা বহুজাতিক প্ৰতিষ্ঠানক সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰাৰ প্ৰতিবাদত যোৱা ২৬ জানুৱাৰীৰ পৰা নিখিল ভাৰত কৃষক সভাৰ নেতৃত্বত আৰম্ভ হোৱা অবিৰত ধৰ্মঘট কাৰ্যসূচীয়ে আজি ৮ দিন অতিক্ৰম কৰে।আজি সন্ধিয়া ৭ বজাৰ পৰা কুঁঁৱলী ফালি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ উদ্যোগত সদৌ অসম জনসাংস্কৃতিক পৰিষদ , সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নেত্ৰীবৃন্দ তথা কৰ্মী সকলে ধৰ্মঘট কাৰ্যসূচীৰ প্ৰতি সহযোগিতা  আগবঢ়োৱাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সম্পাদক অৰূপ কুমাৰ মহন্তই কয় “বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনে জনগণৰ জীৱন-জীৱিকা আৰু জীয়াই থকা অধিকাৰৰ প্ৰতি পিঠি দি দেশী- বিদেশী কোম্পানীৰ পকেটত সোমাই পৰিছে ।ফলত এফালে কোম্পানী ৰাজত্ব আৰু আনফালে জনগণৰ জীৱন-জীৱিকা আৰু জীয়াই থকা অধিকাৰৰ দাবীত ধাৰাবাহিক সংগ্ৰাম কৰাটোৱেই হৈ পৰিছে বৰ্তমানৰ  ৰূঢ় বাস্তৱ।তেওঁ লগতে কয় “নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই চৰকাৰৰ নগদ ধনৰ আচঁনি ঘোষণাৰ প্ৰকোপ বাঢ়িছে।কিন্তু জাগীৰোড পেপাৰ মিলক পুনৰ উজ্জীৱিত কৰা , ঋণগ্ৰস্ত দুখীয়া ৰাইজক ঋণমুক্ত কৰা , লাইকা দধিয়াবাসীক পুনৰ সংস্থাপন , মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী কৃষক সকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা তিনিখনকৈ কৃষক বিৰোধী কৃষি আইন বাতিল কৰা, বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণ কৰা প্ৰক্ৰিয়া বন্ধ কৰা , ৰাজ্যৰ বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা তৈলখণ্ডক বহুজাতিক কোম্পানীৰ ওচৰত বিক্ৰী কৰা বন্ধ কৰা , চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা , ৰেচনত দুখীয়া শ্ৰমজীৱি ৰাইজৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সুলভ মূল্যত যোগান ধৰা আদি মৌলিক সমস্যা সমূহলৈ পিঠি দিছে।”

মহন্তই স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নগদ ধনৰ আঁঁচনিৰে যি যাদুকৰী চমৎকাৰ সৃষ্টি কৰিব বিচাৰিছে ইয়াত ৰাইজক ভোল নগৈ সংগঠিত আৰু ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান জনায় ।তাৎপৰ্যপূৰ্ণ আজি মিকিৰ বামুণীগ্ৰান্টৰ প্ৰতিবাদস্থলীত সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ শিল্পী সকলে প্ৰতিবাদী গীত,কবিতা আদিৰে কৃষকৰ ভূমি দখল কৰা কাৰ্যৰ বিৰোধিতা কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা মনোজ সিংহৰাজা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকনে অনুষ্ঠানটোৰ আঁঁত ধৰি খিলঞ্জীয়া কৃষক সকলৰ ভূমি পুঁজিপতি গোষ্ঠীক দখল কৰিবলৈ দিয়া নহব বুলি সকিয়াই দিয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিক চন্দনজ্যোতি বৰাই কয় “জাতি-মাটি ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদীত বহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখন বাস্তৱত যে খিলঞ্জীয়া বিৰোধী এনে ঘটনাবোৰে প্ৰমাণ কৰিছে। এপিনে কৃষকক মাটিৰ পট্টা দিয়াৰ নামত ব্যাপক প্ৰচাৰ চলাই চমক দিব বিচাৰিছে আৰু অন্যহাতেদি মিকিৰ বামুণীগ্ৰান্টত ভূমিৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। এইখন চৰকাৰৰ প্ৰকৃত ৰূপ এইয়াই। ”অনুষ্ঠানত  সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ তৰফৰ পৰা  বুদ্ধেশ্বৰ তিমুং ,মৃদুপৱন বৰা , বিমান গাঁওখোৱা , দীপজ্যোতি বৰা,বিৰিঞ্চি বৰাকে ধৰি কেইবা জনে গীত-মাত কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷