বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ৰাজীৱ আছিল দুৰ্নীতিগ্ৰস্ত !

ৰাজীৱ আছিল দুৰ্নীতিগ্ৰস্ত !

তদন্ত কৰিব মমতাই

কলকাতা,৩ ফেব্ৰুৱাৰী : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ দল তৃণমূল কংগ্ৰেছ ত্যাগ কৰি শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা প্ৰাক্তন বন মন্ত্ৰী ৰাজীৱ বেনাৰ্জীৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজীৱ বেনাৰ্জীয়ে নিজৰ খেয়াল খুচিমতে ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈ শেহতীয়াকৈ বন বিভাগৰ চাকৰিত নিযুক্তি প্ৰদান কৰিছিল ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কয় “আমি দেখিছোঁ লুভীয়া,দুৰ্নীতিপৰায়ণ ৰাজনীতিকক দিল্লীলৈ নিবলৈ বিমান ব্যৱহাৰ কৰা এই লোকসকলে কিন্তু লকডাউনৰ সময়ত খাটিখোৱা শ্ৰমিকক খোজ কঢ়াই ঘৰলৈ পঠিয়াইছিল ৷ “ৰাজীৱ বেনাৰ্জীৰ বিৰুদ্ধে তদন্ত হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “ আমাৰ দলত নেতা আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয় বৰঞ্চ কৰ্মীহে গুৰুত্বপূৰ্ণ ৷ গতিকে কৰ্মীসকল যিহেতু আমাৰ লগত আছে আমাৰ মাথা মৰাৰ প্ৰয়োজন নাই ৷ ”