সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / অসমৰ শিক্ষানুষ্ঠানত অধঃপতন !

অসমৰ শিক্ষানুষ্ঠানত অধঃপতন !

উচ্চ স্তৰীয় তদন্তৰ লগতে পুনৰ সাক্ষাৎকাৰ গ্ৰহণৰ আহ্বান আছুৰ

চৰাইদেউ, ৪ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ সাক্ষাৎকাৰত অনিয়ম হোৱাৰ অভিযোগ  সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে জিলাখনত। উক্ত পদৰ বাবে পুনৰ সাক্ষাৎকাৰৰ আহ্বান জনালে অধ্যক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে। আনহাতে, মহাবিদ্যালয়খনত সহকাৰী অধ্যাপক পদৰ বাবে অনুষ্ঠিত কৰা সাক্ষাৎকাৰ পুনৰ গ্ৰহণৰ আহ্বান জনাইছে  মহাবিদ্যালয়খনৰ স্বয়ং অধ্যক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবী জনাই আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই। উল্লেখ্য যে যোৱা ২ ফেব্ৰুৱাৰীত সোণাৰি মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক পদৰ বাবে অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ।

মুঠ ১৬ গৰাকী আবেদনকাৰীৰ ভিতৰত ১৩ গৰাকী উপস্থিত আছিল সাক্ষাৎকাৰত। কিন্তু সাক্ষাৎকাৰ গ্ৰহণ কৰা নিৰ্বাচনী সমিতিয়ে উপযুক্ত নথি-পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰা এগৰাকী প্ৰাৰ্থীক সহকাৰী অধ্যাপক পদৰ বাবে নিৰ্বাচিত কৰা বুলি অভিযোগ উত্থাপন কৰিছিল বিভাগটোৰ মূৰব্বী অধ্যাপক গৰাকীৰ লগতে সহকাৰী অধ্যাপক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে। ইয়াৰ পাছতে প্ৰচাৰিত বাতৰিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল মহাবিদ্যালয়খনত। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া পুনৰ সাক্ষাৎকাৰ গ্ৰহণৰ আহ্বান জনাইছে অধ্যক্ষগৰাকীৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে।