মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কাম দিয়াৰ চলনা !

কাম দিয়াৰ চলনা !

সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কিশোৰী

আগৰতলা,৪ ফেব্ৰুৱাৰী : ত্ৰিপুৰা আৰক্ষীয়ে ১১গৰাকী জনজাতীয় কিশোৰীক এজন নাৰী সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰে ৷ উত্তৰ ত্ৰিপুৰাৰ শৰণাৰ্থী শিবিৰৰ পৰা কিশোৰী কেইগৰাকীক উদ্ধাৰ কৰা হয় ৷ আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি সন্দেহযুক্ত ব্যক্তিগৰাকীয়ে কিশোৰীকেইগৰাকী আৰু তেওঁলোকৰ অভিভাৱকক পশ্চিম ত্ৰিপুৰাত উচ্চ মজুৰিত কামৰ প্ৰলোভন দিছিল ৷ উদ্ধাৰ হোৱা ৭ গৰাকী ছোৱালীয়েই ত্ৰিপুৰাৰ বিভিন্ন শৰণাৰ্থী শিবিৰত বাস কৰি আছিল ৷ এই কিশোৰী কেইগৰাকী ৰিয়াং সম্প্ৰদায়ৰ লোক আৰু বিগত জানুৱাৰী মাহত মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰৰ মাজত হোৱা আলোচনাত তেওঁলোকক সংস্থাপনৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছিল ৷