সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / Region  / মছজিদ নহ’ব !

মছজিদ নহ’ব !

মছজিদৰ ভূমিৰ গৰাকী ওলাল

লক্ষ্ণৌ,৪ ফেব্ৰুৱাৰী : দিল্লীৰ দুগৰাকী ভগ্নীয়ে উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদৰ ভূমি নিজৰ বুলি দাবী কৰিছে ৷ উত্তৰ প্ৰদেশ চুন্নী চেণ্ট্ৰেল ৱাকফ বৰ্ডৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া মছজিদটোৰ বাবে নিৰ্ধাৰিত ভূমিখণ্ডক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বেঞ্চৰ কাষ চাপিছে এই দুই ভগ্নীয়ে ৷ দুই ভগ্নীয়ে দাবী কৰা অনুসৰি ধানীপুৰ গাঁৱৰ ২৮ একৰ ভূমি নজুল বিভাগে তেওঁলোকৰ পিতৃক দিছিল ৷ পাঁচ বছৰ থকাৰ পিছত তেওঁৰ পিতৃৰ নাম ৰাজহ বিভাগত পঞ্জীয়ন হৈছিল ৷ কিন্তু ইয়াৰ পিছত তেওঁলোকৰ পিতৃৰ নাম তাৰ পৰা আঁতৰাই দিয়া হ’ল আৰু ইয়াৰ পিছত দেউতাকে ন্যায়ালয়ৰ কাষ চাপিছিল যদিও বিষয়টোত গুৰুত্ব নিদি পাঁচ একৰ ভূমি ৱাকফ বৰ্ডৰ হাতত অৰ্পণ কৰে আৰু এতিয়া সেই ভূমিতেই  মছজিদ নিৰ্মাণৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৱাকফ বৰ্ডে৷ৰাণী কাপুৰ আৰু ৰমা ৰাণী পাঞ্জাৱী – এই দুই ভগ্নীয়ে বিষয়টো সম্পৰ্কত প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়ৰো কাষ চপাৰ ইংগিত দিছে ৷