বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / সোণোৱালী দিনৰ সন্ধান সোণাৰিত !

সোণোৱালী দিনৰ সন্ধান সোণাৰিত !

হেৰুৱা গৌৰৱ উদ্ধাৰত ব্যস্ত কংগ্ৰেছ

চৰাইদেউ, ৪ ফেব্ৰুৱাৰী : সুদীৰ্ঘ ২৫ টা বছৰ কংগ্ৰেছৰ দখলত থকা  সোণাৰি বিধানসভা সমষ্টিটো ২০১৬ চনত বিজেপিৰ দখললৈ যোৱাৰ পাছত পুনৰ ২০২১ ৰ বিধানসভা নিৰ্বাচনত নিজৰ হাতলৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে। সেয়ে এতিয়া গাঁৱে গাঁৱে ঘূৰি ৰাইজৰ আস্থাভাজন হ’বলৈ চেষ্টা চলাইছে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে। মন কৰিবলগীয়া যে সুদীৰ্ঘ দিন সোণাৰি সমষ্টিৰ বিধায়ক হিচাপে থকা শৰৎ বৰকটকীক ২০১৬ চনত বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিজেপি দলত যোগদান কৰা প্ৰাক্তন ছাত্ৰ নেতা তপন কুমাৰ গগৈয়ে। পৰৱৰ্তী সময়ত তপন কুমাৰ গগৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাত ২০১৯ বৰ্ষত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত পুনৰ বিজেপি দলৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে কংগ্ৰেছৰ সুশীল কুমাৰ চুড়ীক পৰাস্ত কৰি সোণাৰি সমষ্টিটো বিজেপিৰ দখলত ৰাখিবলৈ সক্ষম হয়। কিন্তু বিধায়িকা নৱনীতা সন্দিকৈয়ে সমষ্টিৰ উন্নয়নত বিশেষ সফল হ’ব নোৱাৰাত স্বয়ং বিজেপি কৰ্মীসকল অসন্তুষ্ট হৈ থকাৰ সুযোগ বুজি এতিয়া কংগ্ৰেছে ৰাইজৰ মাজত দলৰ প্ৰচাৰ চলাবলৈ প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে।

শেহতীয়াকৈ সোণাৰি বিধান সভা সমষ্টিৰ ভজো মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত ভজোত আৰু লংপতীয়া মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত ৰংছোৱালত বুথ কৰ্মী সভা অনুষ্ঠিত হয় ৷ চৰাইদেউ জিলা কংগ্ৰেছৰ কেইবাগৰাকী বিষয়ববীয়া-কৰ্মীয়ে বুথ কমিটি সমূহৰ সৈতে আগন্তুক নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হৈ ৰাইজৰ মতামত ল’বলৈ চেষ্টা কৰে ৷ উক্ত সভাত ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক দিশসমূহ কেনেকৈ অধিক শক্তিশালী কৰি তুলিব পাৰি তাৰ সন্দৰ্ভত আগন্তুক নিৰ্বাচনত সোণাৰি সমষ্টিত কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী তথা চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক উৎপল গগৈয়ে  কয়   “ৰাইজৰ আমাৰ প্ৰতি আস্থা আৰু সঁহাৰি দেখি অভিভূত হোৱাৰ লগতে অনাগত দিনবোৰত কংগ্ৰেছ যে অধিক শক্তিশালী ৰূপত আগবাঢ়িব  সেইয়া স্পষ্ট হৈ পৰিছে ৷ ” এই সভাকেইখনত চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক অনুজ বৰকটকী, পশ্চিম অভয়পুৰ ব্লক কংগ্ৰেছৰ সভাপতি খগেন চেতিয়া, সোণাৰি নগৰ ব্লক কংগ্ৰেছৰ সভাপতি বুলুমণি বৰঠাকুৰ, কংগ্ৰেছ কৰ্মী সুশীল চুড়ী, লংপতীয়া মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অনন্ত বৰঠাকুৰকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিষয়ববীয়া-কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷