বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অপশক্তিৰ ভয় !

অপশক্তিৰ ভয় !

তিনিখনক বাদ দি সকলোতে হ’ব বন্ধ

নতুন দিল্লী,৫ ফেব্ৰুৱাৰী : প্ৰতিবাদী কৃষকৰ যৌথ মঞ্চই আহ্বান জনোৱা চকা বন্ধ কাৰ্যসূচীৰ কোনো প্ৰভাৱ নপৰে দেশৰ ৰাজধানী দিল্লী ,উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত ৷ সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা এই বন্ধ দুপৰীয়া ১২বজাৰ পৰা ৩ বজালৈ প্ৰযোজ্য হ’ব ৷ সকলোধৰণৰ জৰুৰী সেৱাক এই বন্ধৰ পৰা ৰেহাই দিয়া হ’ব বুলি সংগঠনটোৱে ঘোষণা কৰিছে ৷ “ চকা বন্ধৰ সময়ত কোনো অপশক্তিয়ে সুবিধা লৈ আমাৰ ভাৱমূৰ্ত্তি ম্লান কৰাৰ বাবে দিল্লী,উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত হিংসাত্মক কাৰ্যত জড়িত হ’ব পাৰে আৰু সেই সম্ভাৱনীয়তা আঁতৰ কৰিবলৈকে আমি এই ৰাজ্য কেইখনক চকা বন্ধৰ পৰা ৰেহাই দিছোঁ ৷ বাকী দেশৰ আন সকলো স্থানতে এই বন্ধ প্ৰযোজ্য হ’ব”- এনেদৰে কয় ৰাকেশ টিকায়েটে ৷