বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / এক দেশ এক লোকায়ুক্ত !

এক দেশ এক লোকায়ুক্ত !

বিত্তীয় অনিয়ম আঁতৰোৱাৰ প্ৰয়াস

নতুন দিল্লী,৫ ফ্ৰেব্ৰুৱাৰীঃ বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ উপভোক্তা বা গ্ৰাহকসকলে বিভিন্ন অনিয়ম সংক্ৰান্তত অভিযোগ দাখিল কৰি সময়োপযোগী সমাধান নোপোৱাৰ অভিযোগ প্ৰায়ে শুনা যায় ৷ তাৰোপৰি এই বিত্তীয় প্ৰতিষ্ঠানসমূহে প্ৰায়ে আনৰ গালৈ দোষ ঠেলি দায় সৰাৰ চেষ্টা কৰাও দেখা যায় ৷ ফলস্বৰূপে সাধাৰণ গ্ৰাহক তথা উপভোক্তা সকলে অযথা হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ ওপৰিও অৰ্থনৈতিক ভাৱেও ক্ষতিগ্ৰস্ত হ’ব লগীয়া হয় ৷ বিত্তীয় প্ৰতিষ্ঠান সমূহৰ পৰা সন্মুখীন হোৱা এনে সমস্যা সমূহৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে এতিয়াৰে পৰা সকলো ধৰণৰ বিত্তীয় প্ৰতিষ্ঠানৰ বাবে ‘এক দেশ,এক লোক আয়ুক্ত’ নীতিৰ আধাৰত নতুন ব্যৱস্থা প্ৰবৰ্তন কৰিছে ৷

এই নতুন নীতিৰ আধাৰত বেংক, নন বেংকিং বিত্তীয় প্ৰতিষ্ঠান আদিৰ দুৰ্নীতি তথা অনিয়ম সন্দৰ্ভত এতিয়াৰ পৰা এক লোকআয়ুক্তৰ নীতি প্ৰযোজ্য কৰা হৈছে ৷ এই ব্যৱস্থাৰ ফলত বেংক তথা অনান্য বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰাহক বা উপভোক্তাৰ দ্বাৰা দাখিল কৰা বিভিন্ন অনিয়ম,অনীতিৰ অভিযোগ তৎকালীনভাৱে সমাধান কৰাত যথেষ্ট সহায়ক হ’ব ৷ তাৰোপৰি দেশত বিত্তীয় শৃংখলা অনা,কলাধনৰ ব্যাপক প্ৰচাৰ ৰোধ কৰা ,বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাত যথেষ্ট পৰিমাণে বাধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷

বিগত দুবছৰত ভাৰতৰ বহু কেইটা ৰাজহুৱা খণ্ডৰ বেংকত ঋণ প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ’ইয়েছ বেংক’ তথা আন কেইবাটাও সমবায় খণ্ডৰ বেংক দেউলীয়া হোৱাত সাধাৰণ গ্ৰাহক ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৷ আনহাতে IL&FS,DHFL,HDIL আদিৰ দৰে প্ৰখ্যাত বিত্তীয় প্ৰতিষ্ঠানৰ ব্যপক খেলিমেলিৰ বাবে ভাৰতৰ সামগ্ৰিক বিত্তীয় ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ আশংকা কৰা হৈছে ৷ এনে পৰিস্থিতিত ‘এক দেশ,এক বিত্তীয় লোকায়ুক্ত’ ব্যৱস্থা যথেষ্ট আদৰণীয় ৷