দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চেলেব্ৰেটিৰ টুইটলৈ ভয় !

চেলেব্ৰেটিৰ টুইটলৈ ভয় !

সমৰ্থন কৰাত আপত্তি কিহৰ

কলকাতা,৫ ফেব্ৰুৱাৰী : লোকসভাৰ কংগ্ৰেছ দলৰ সাংসদ অধীৰ ৰঞ্জন চৈধুৰীয়ে আজি বিদেশী চেলেব্ৰিটিয়ে কৰা টুইটক লৈ কিয় ইমান ত্ৰস্তমান ভাৰত চৰকাৰ বুলি প্ৰশ্ন কৰে৷আমাৰ মাজৰে বহুতেতো আব কী বাৰ ট্ৰাম্প চৰকাৰ বুলিও প্ৰচাৰ চলাইছিলো,তদুপৰি জৰ্জ ফ্লইদৰ মৃত্যুৰ সময়ত আমি প্ৰতিবাদ কৰোতে কোনেও আমাক প্ৰশ্ন কৰা নাছিল কিন্তু এতিয়া বিদেশী চেলেব্ৰিটিয়ে আমাৰ কৃষকৰ প্ৰতিবাদক সমৰ্থন কৰি টুইট কৰাটোত চৰকাৰৰ ইমান ভয় কিয় ? ৰিহানা আৰু গ্ৰেটা থুনবাৰ্গে টুইট কৰা বিষয়টোক লৈ আমি ইমান চিন্তিত কিয় ? আমি সকলোৱে যে জীয়াই আছো,ডাঙৰ দীঘল হৈছোঁ কেৱল এইসকলৰ দ্বাৰা উৎপাদিত খাদ্য খায়৷মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰেও এই কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰা উচিত ৷