দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Economy  / জমা ধনত সুত বাঢ়িব !

জমা ধনত সুত বাঢ়িব !

ঋণ ল’লে সুত বেছি ভৰিব লাগিব গ্ৰাহকে

নতুন দিল্লী,৫ ফেব্ৰুৱাৰী : আজি অনুষ্ঠিত হোৱা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাহেকীয়া বৈঠকত ৰিপ’ ৰেট তথা ৰিভাৰ্চ ৰিপ’ ৰেট অপৰিৱৰ্ত্তিত ৰখা হয় ৷ উল্লেখযোগ্য যে ৰিপ’ ৰেট হৈছে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ বেংকসমূহে ৰিজাৰ্ভ বেংকৰ পৰা ঋণ গ্ৰহণ কৰোতে দিব লগীয়া সুতৰ হাৰ ৷ গতিকে ৰিপ’ ৰেট বৃদ্ধি হলে বেংকসমূহৰ দ্বাৰা ৰিজাৰ্ভ বেংকৰ পৰা গ্ৰহণ কৰা ঋণৰ সুতৰ হাৰ বৃদ্ধি হয় তথা সেই অনুপাতে বেংকসমূহেও গ্ৰাহকক প্ৰদান কৰা ঋণৰ হাৰ বৃদ্ধি হয় ৷

আনহাতে  ৰিজাৰ্ভ বেংকে ৰিপ’ ৰেট হ্ৰাস কৰিলে বেংকসমূহৰ ৰিজাৰ্ভ বেংকৰ পৰা গ্ৰহণ কৰা ঋণৰ হাৰ হ্ৰাস হয় ৷ ফলস্বৰূপে বেংকসমূহেও এনে পৰিস্থিতিত সাধাৰণ ৰাইজৰ বাবে ঋণৰ হাৰ হ্ৰাস কৰে ৷ আনহাতে, ৰিভাৰ্চ ৰিপ’ ৰেট হৈছে যি হাৰত বেংকসমূহে ৰিজাৰ্ভ বেংকৰ ওচৰত পুঁজি জমা ৰাখি লাভ কৰা সুতৰ হাৰ ৷ গতিকে ৰিজাৰ্ভ ৰিপ’ ৰেট বৃদ্ধি কৰিলে সাধাৰণতে বেংকসমূহে গ্ৰাহকক ঋণ প্ৰদান কৰাৰ পৰিৱৰ্তে ৰিজাৰ্ভ বেংকৰ ওচৰত পুঁজি জমা ৰাখি উচ্চ হাৰত সুত উপাৰ্জন কৰিব বিচাৰে ৷ কিন্তু আজি ৰিজাৰ্ভ বেংকে বেংকসমূহৰ cash reserve ratio(CRR) বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ cash reserve ratio হৈছে বেংকসমূহৰ দ্বাৰা ঋণ প্ৰদান নকৰি আছুতীয়াকৈ জমা ৰখা পুঁজি ৷ গতিকে এই জমা ৰখা পুঁজিৰ পৰিমাণ বৃদ্ধি কৰাৰ ফলস্বৰূপে এতিয়া অদূৰ ভৱিষ্যতে গ্ৰাহকে বেংকত জমা ৰখা পুঁজিৰ বিপৰীতে অধিক সুত লাভ কৰিব ৷ আনহাতে, বেংকৰ দ্বাৰা গ্ৰাহকক প্ৰদান কৰা ঋণৰ সুতৰ হাৰ বৃদ্ধি হ’ব ৷