সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / দুই ‘গগৈ’ এক হ’ল

দুই ‘গগৈ’ এক হ’ল

জল্পনা কল্পনাৰ অন্ত,জাতীয়তাবাদী শিবিৰ এক হ’ল

গুৱাহাটী,৫ ফেব্ৰুৱাৰী : লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ আৰু অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ বহু প্ৰতীক্ষিত মিত্ৰতাত আজি ছীল মোহৰ লাগিল আনুষ্ঠানিকভাৱে ৷ উল্লেখযোগ্য যে বিগত ১৪ ছেপ্তেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসত আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত অসম জাতীয় পৰিষদ দলটো গঠন হয় ৷ আঞ্চলিকতাবাদক সুৰক্ষিত কৰাৰ স্বাৰ্থত এই দলটো গঠন কৰা হয় ৷ আনহাতে,ৰাইজৰ দল গঠন হয় বিগত  ২অক্টোবৰত ৷ উল্লেখযোগ্য যে দুয়োটা দলেই জন্মলগ্নৰে পৰা ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ বিৰোধিতা কৰি আহিছে ৷

আজি দুয়োটা দলে ঐক্যবদ্ধ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বিষয়টো অৱগত কৰিবলৈ এক যুটীয়া সংবাদমেল সম্বোধন কৰে ৷ উক্ত সংবাদমেলত ৰাইজৰ দলৰ হৈ ভাস্কোডি শইকীয়া আৰু জিতুল ডেকা উপস্থিত থাকে ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়“আজি অসমৰ ৰাইজৰ বাবে এক ঐতিহাসিক দিন ৷ বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মানুহৰ মাজত যি সাম্প্ৰদায়িক ৰাজনীতিৰ বীজ ৰোপণ কৰিছে,তাক প্ৰতিহত কৰি জাতীয়তাবাদী শক্তিক একত্ৰিত কৰি আগবাঢ়ি যাব দুয়োটা দলে ৷ ”আনহাতে ৰাইজৰ দলৰ ভাস্কোডি শইকীয়াই কয় “আজি ৰাইজৰ বহুদিনীয়া এটা আশা পূৰণ হ’ল ৷

আমি যেতিয়া গাঁৱলৈ যাওঁ,আমাক মাত্ৰ সকলোৱে এটাই প্ৰশ্ন কৰে দুয়োটা দল একত্ৰিত কেতিয়া হ’ব?আঞ্চলিকতাবাদৰ নামত অসম গণ পৰিষদৰ বঞ্চনা,ৰাষ্ট্ৰীয়তাবাদী দলৰ প্ৰবঞ্চনাই জনতাক মানসিকভাৱে বিধ্বস্ত কৰি পেলাইছিল ৷ সেয়ে এই সময়ত একে চিন্তাধাৰাৰ ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হোৱাতো আছিল সময়ৰ দাবী৷”আনহাতে,দুয়ো দল ঐক্যবদ্ধ হোৱাৰ বিষয়টো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত দাসে কয় “ এই দলবোৰে কোনো ক্ষতি নকৰে ৷ আমাৰ দলৰ ভেটি ইমানেই শক্তিশালী যে ইয়াক তৃণমূলৰ লগত সম্পৰ্ক নথকা দলে তক্কৰ দিব নোৱাৰে ৷

”জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাতো আছিল সময়ৰ আহ্বান বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই কয় “আঞ্চলিকতাবাদী শক্তিৰ এটা ভোটো যাতে এনেই নাযায়,তাৰ বাবে আমি সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিম ৷ ”উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে দুয়োটা দলৰ নেতৃবৰ্গই প্ৰতিবাদ কৰিছিল আৰু কা- ৰ প্ৰতিবাদৰ বাবেই বিগত ২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কাৰাবাস খাটি আছে ৷