মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভেকচিন নল’লে দৰমহা বন্ধ

ভেকচিন নল’লে দৰমহা বন্ধ

প্ৰথম শ্ৰেণীৰ যোদ্ধাৰ ভেকচিনলৈ ভয়

ভুৱনেশ্বৰ,৫ ফেব্ৰুৱাৰী : উৰিষ্যাৰ কটকৰ জিলা প্ৰশাসনে শেহতীয়াকৈ স্পষ্ট কৰি দিছে যে যিসকল স্বাস্থ্য কৰ্মী তথা অংগনবাড়ী কৰ্মীয়ে ক’ভিড ভেকচিন ল’বলৈ অস্বীকাৰ কৰে তেওঁলোকৰ দৰমহা বন্ধ কৰা হ’ব ৷ উল্লেখযোগ্য যে বিগত ১৬ জানুৱাৰীৰ পৰা দেশৰ আন প্ৰান্তৰ লগতে উৰিষ্যাতো ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছিল ৷ কিন্তু আশ্চযৰ্কৰ বিষয় এইয়ে যে বহুত সংখ্যক স্বাস্থ্যকৰ্মী আৰু অংগনবাড়ী কৰ্মীয়ে ভেকচিন ল’বলৈ নিজৰ নাম পঞ্জীয়ন কৰাৰ পিছতো এতিয়া ল’বলৈ আগবাঢ়ি অহা নাই ৷ গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে সমগ্ৰ দেশতে আৰম্ভ হোবা এই ভেকচিন প্ৰদান কাৰ্যসূচী প্ৰথম পৰ্যায়ত কেৱল স্বাস্থ্যখণ্ড আৰু প্ৰথম শ্ৰেণীৰ ক’ভিড যোদ্ধাকহে প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছিল চৰকাৰে ৷